অসম

assam

By

Published : Aug 6, 2020, 12:17 AM IST

ETV Bharat / state

ৰাম মন্দিৰ ভূমি পূজন : দেৰগাঁৱত বিশ্ব হিন্দু পৰিষদৰ যজ্ঞ

মন্দিৰ আন্দোলনৰ সৈতে জড়িত মূল সংগঠন বিশ্ব হিন্দু পৰিষদৰ উদ্যোগত দেৰগাঁৱৰ চকিয়াল হনুমান মন্দিৰত দিনজোৰা যজ্ঞানুষ্ঠানৰ আয়োজন কৰি বিশেষ দিনটোক বিশেষভাৱে উদযাপন কৰা হয় ৷

দেৰগাঁৱত বিশ্ব হিন্দু পৰিষদৰ যজ্ঞ
দেৰগাঁৱত বিশ্ব হিন্দু পৰিষদৰ যজ্ঞ

গোলাঘাট, 5 আগষ্ট :দেৰগাঁৱত বিশ্ব হিন্দু পৰিষদৰ দ্বাৰা ৰাম মন্দিৰৰ ভূমি পূজনৰ সৈতে সংগতি ৰাখি যজ্ঞ অনুষ্ঠিত কৰা হয় । বুধবাৰে এক ঐতিহাসিক তথা বিৰল মূহুৰ্তৰ সাক্ষী হৈ ৰয় সমগ্ৰ দেশ । কেইবা শতিকাযোৰা ৰাম জন্মভূমি পুনৰুদ্ধাৰৰ ৰক্তক্ষয়ী তথা ন্যায়িক সংগ্ৰামৰ অন্তত আজি অযোধ্যাৰ ৰাম জন্মভূমি তীৰ্থক্ষেত্ৰত আয়োজন কৰা মন্দিৰ পুনৰ নিৰ্মাণৰ শিলান্যাস তথা ভূমিপূজনৰ কাৰ্যসূচীক লৈ সমগ্ৰ দেশব্যাপী বিৰাজ কৰা উৎসৱ মূখৰ পৰিৱেশৰ পৰা পৃথক নহ'ল গোলাঘাট জিলাৰ দেৰগাঁৱো ৷

মন্দিৰ আন্দোলনৰ সৈতে জড়িত মূল সংগঠন বিশ্ব হিন্দু পৰিষদৰ উদ্যোগত দেৰগাঁৱৰ চকিয়াল হনুমান মন্দিৰত দিনজোৰা যজ্ঞানুষ্ঠানৰ আয়োজন কৰি বিশেষ দিনটোক বিশেষভাৱে উদযাপন কৰা হয় ৷ পৰিষদৰ জিলা সম্পাদক অভিজিত বৰাৰ উদ্যোগত সনাতনী ৰাইজৰ সহযোগত অনুষ্ঠিত যজ্ঞানুষ্ঠানত সম্পূৰ্ণ কৰ'ণা নীতি নিৰ্দেশনা পালন কৰি সমাজৰ বিবিধ ক্ষেত্ৰৰ বিভিন্নজনৰ উপস্থিতিত সমগ্ৰ অনুষ্ঠানটো সুন্দৰভাৱে সম্পন্ন হয় ৷

দেৰগাঁৱত বিশ্ব হিন্দু পৰিষদৰ যজ্ঞ

লগতে পঢ়ক :অযোধ্যাৰ ভূমি পূজনৰ পাচতে ডিফু, বকলীয়া ঘাটত আৱতৰীয়া দেৱালী

ABOUT THE AUTHOR

...view details