অসম

assam

By

Published : Jul 23, 2020, 4:13 PM IST

ETV Bharat / state

অখিল গগৈক মুক্তিৰ দাবীত সৰুপথাৰত ছাত্ৰ মুক্তিৰ প্ৰতিবাদ

গোলাঘাট জিলাৰ সৰুপথাৰ নগৰতো নেতা কেইগৰাকীক মুক্তিৰ দাবীত প্ৰতিবাদ সাব্য়স্ত কৰে প্ৰতিবাদকাৰী সকলে ৷ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ধনশিৰি সমিতিয়ে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ সংগঠনটোৰ সদস্যৰ দাবী অনুসৰি,অখিল গগৈকে ধৰি দেৱাংগনা কলিতাসহ 'কা' বিৰোধী নেতাক শীঘ্ৰে মুক্তি দিয়াৰ লগতে বৃহৎ নদীবান্ধৰ কাম বন্ধ আৰু নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ৷

PROTEST BY KMSS AT GOLAGHAT SARUPATHAR
অখিল গগৈক মুক্তিৰ দাবীত সৰুপথাৰত ছাত্ৰ মুক্তিৰ প্ৰতিবাদ

সৰুপথাৰ, 23 জুলাই :ৰাজ্যত ক'ভিড-19 আৰু বানপানীয়ে তাণ্ডৱ চলাই থকাৰ মাজতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে প্ৰতিবাদ ৷ ঘাইকৈ কৃষক নেতা অখিল গগৈৰ লগতে নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে কাৰাবন্দী হোৱা নেতা সকলক বিনাচৰ্তে মুকলি কৰি দিয়াৰ দাবীত ৰাজ্যৰ দল-সংগঠনে অব্যাহত ৰাখিছে প্ৰতিবাদ ৷

অখিল গগৈক মুক্তিৰ দাবীত সৰুপথাৰত ছাত্ৰ মুক্তিৰ প্ৰতিবাদ

বৃহস্পতিবাৰে গোলাঘাট জিলাৰ সৰুপথাৰ নগৰতো নেতা কেইগৰাকীক মুক্তিৰ দাবীত প্ৰতিবাদ সাব্য়স্ত কৰে প্ৰতিবাদকাৰী সকলে ৷ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ধনশিৰি সমিতিয়ে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ সংগঠনটোৰ সদস্যৰ দাবী অনুসৰি,অখিল গগৈকে ধৰি দেৱাংগনা কলিতাসহ 'কা' বিৰোধী নেতাক শীঘ্ৰে মুক্তি দিয়াৰ লগতে বৃহৎ নদীবান্ধৰ কাম বন্ধ আৰুনাগৰিকত্ব সংশোধনী আইনবাতিলৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ৷

হাতে হাতে বেনাৰ, প্লে'কাৰ্ড লৈ বিভিন্ন শ্লো'গানেৰে প্ৰতিবাদকাৰীয়ে পৰিৱেশ উত্তাল কৰি তোলে ৷ লগতে,প্ৰতিবাদকাৰী সকলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পুত্তলিকা দাহ কৰি চৰকাৰক কঠোৰ ভাষাৰে কাৰাবন্দী সকলক মুকলি কৰি দিবলৈ সকিয়াই দিয়ে ৷ পৰৱৰ্তী সময়ত সংগঠনটোৰ দাবী মানি নচলিলে জংগী আন্দোলনৰ হুংকাৰ দিয়ে সদস্য সকলে ৷

উল্লেখ্য যে,বিগত বৰ্ষৰ ডিচেম্বৰত কৃষক নেতা অখিল গগৈক NIA ৰ আদালতে গ্ৰেপ্তাৰ কৰিছিল ৷ লগতে,নেতা গৰাকীৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন প্ৰান্তত নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধ কৰাৰ বাবে কেইবাটাও গোচৰ ৰুজু হৈছিল ৷

লগতে পঢ়ক : দুটা পৃথক হত্যাকাণ্ডত শিশু সহিতে ৫ জনৰ মৃত্যু

For All Latest Updates

ABOUT THE AUTHOR

...view details