নগাওঁ,12 জানুৱাৰীঃৰাজ্যতনাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সাব্যস্ত প্ৰতিবাদত মৃত্যু হৈছিল পাঁচগৰাকীকৈ লোকৰ ৷ আন্দোলনত মৃত্যু হোৱা শ্বহীদসকললৈ দেওবাৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাওঁ জিলা সমিতিয়ে ৷ সেইসূত্ৰে শ্বহীদ ভৱনৰ সমীপত আয়োজন কৰা হয় সৰ্বধৰ্মীয় প্ৰাৰ্থনাৰ । উক্ত প্ৰাৰ্থনা সভাত শ্বহীদসকলৰ আত্মাৰ সদগতিৰ বাবে প্ৰাৰ্থনা কৰা হয় ৷ লগতে জাতি-ধৰ্ম নিৰ্বিশেষে উপস্থিত ৰাইজে একেমুখে বিৰোধিতা কৰে নাগৰিকত্ব সংশোধনী আইনৰ । শ্বহীদৰ কেঁচা তেজৰ মূল্য দিবলৈ সঠিক পথেৰে আন্দোলন আগবঢ়াই নিব লাগিব বুলি মন্তব্য কৰে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাওঁ জিলা সমিতিৰ সভাপতি দ্বীপমণি বৰাই ।
দেওবাৰে ৰাজ্যৰ বিভিন্ন স্থানত শ্বহীদক শ্ৰদ্ধাঞ্জলি - শ্বহীদ
অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত ৰাজ্যৰ ভিন্ন স্থানত দেওবাৰে আয়োজন কৰা হয় শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ ৷ নগাঁও আৰু গোলাঘাটতো নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ শ্বহীদসকলৰ আত্মাৰ সদ্গতিৰ অৰ্থে আয়োজন কৰা হয় প্ৰাৰ্থনা সভা ৷
শ্বহীদক শ্ৰদ্ধাঞ্জলী
গোলাঘাটঃ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গোলাঘাট জিলা সমিতিৰ উদ্যোগতো আয়োজন কৰা হয় শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৷ অনুষ্ঠানটোত সৰ্বধৰ্ম প্ৰাৰ্থনাৰ জৰিয়তে ভকত-বৈষ্ণৱসকলে শ্বহীদসকলৰ আত্মাৰ শান্তি কামনা কৰে । লগতে নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰি ভৱিষ্যতে আন্দোলন তীব্ৰ হোৱাৰ হুংকাৰ প্ৰদান কৰে ।
লগতে চাওকঃকেন্দ্ৰৰ সৈতে শান্তি আলোচনাৰ অৰ্থে ভাৰতত প্ৰৱেশ এনডিএফবি(এছ)ৰ