গেলাঘাট, 5 চেপ্তেম্বৰ:শুকুৰবাৰে নিশা গোলাঘাটত পৰিবহণ বিভাগে অতৰ্কিতে এক তালাচী অভিযান চলায় ৷ কিয়নো বিগত কেইবাদিনৰ পৰা সঘনাই একাংশ বাহন কৰ্তৃপক্ষৰ বিৰুদ্ধ উত্থাপন হৈছে বহু অভিযোগ ৷ ৰাজহুৱা খণ্ডৰ বাহনৰ ক্ষেত্ৰত কৰ্তৃপক্ষই নিৰ্ধাৰিত পৰিমাণতকৈ অধিক ভাড়া সংগ্ৰহ কৰি অহাৰ অভিযোগ উত্থাপন কৰিছে একাংশ লোকে ৷ ইয়াৰোপৰি কৰ'ণা মহামাৰীৰ প্ৰাদুৰ্ভাৱৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে ৰাজহুৱা খণ্ডৰ পৰিবহণত 50 শতাংশ যাত্ৰীহে কঢ়িয়াবলৈ নিৰ্দেশনা প্ৰদান কৰিছিল ৷ কিন্তু বহু বাহন কৰ্তৃপক্ষৰ লোকে সেই নিৰ্দেশনাও উলংঘন কৰাৰ অভিযোগ উত্থাপন হৈছে ৷
ক'ভিড নিৰ্দেশনা মানি নচলা যান-বাহনৰ বিৰুদ্ধে কঠোৰ পৰিবহণ বিভাগ
শুকুৰবাৰে নিশা গোলাঘাটত পৰিবহণ বিভাগৰ অতৰ্কিত অভিযান । অতিৰিক্ত ভাড়া আৰু কৰ'ণাৰ নীতি-নিৰ্দেশ অৱমাননা কৰা একাংশ যাত্ৰীবাহী গাড়ীৰ বিৰুদ্ধে অভিযান চলায় গোলাঘাট পৰিবহণ বিভাগে ।
অতৰ্কিত অভিযান
এনে কেতবোৰ অভিযোগ উত্থাপন হোৱাৰ পাচতে শুকুৰবাৰে নিশা পৰিবহণ বিভাগে গোলাঘাটত তালাচী চলায় ৷ তালাচী অভিযানত সাংবাদিকৰ সন্মুখতে যাত্ৰীয়ে প্ৰকাশ কৰিলে অত্যাধিক ভাড়া সংগ্ৰহ কৰাৰ কথা ৷ নিৰ্ধাৰিত ভাড়াতকৈ অধিক মূল্য লোৱাৰ অভিযোগ কৰিলে বাহন কৰ্তৃপক্ষৰ বিৰুদ্ধে ৷ অধিক মূল্য লোৱা আৰু ৫০ শতাংশতকৈ অধিক যাত্ৰী উঠোৱা সকলক জৰিমনা বিহে গোলাঘাট পৰিবহণ বিভাগে ৷
লগতে পঢ়ক:গাডকাৰী, অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব বহুকেইটা আঁচনি