অসম

assam

ETV Bharat / state

অবৈধ বালি কুঁৱেৰীত বালি খান্দি মৃত্যু এজনৰ - স্থানীয় ৰাইজ

অবৈধভাৱে বালি খনন কৰা এটা কুঁৱেৰীত বালি খান্দি থাকোতে মাটি খহি এজনৰ মৃত্যু ৷ এই ঘটনাৰ পিছত শীঘ্ৰে অবৈধ বালি কুঁৱেৰীসমূহ বন্ধ কৰিবলৈ স্থানীয় ৰাইজে দাবী জনাইছে ৷

one death while digging
অবৈধ বালি কুঁৱেৰীত বালি খান্দি মৃত্যু এজনৰ

By

Published : May 1, 2021, 10:56 PM IST

গোলাঘাট,1 মে’: বকিয়াল খণ্ড বন কাৰ্যালয়ৰ অন্তৰ্গত নগাকটা মিৰিপথাৰত অঘটন । অবৈধভাৱে বালি খনন কৰা এটা কুঁৱেৰীত মাটিৰ তলত বালি খান্দি থকা অৱস্থাত প্ৰকাণ্ড এচপৰা মাটি খহি পৰাত গুৰুতৰভাৱে আহত হয় পুনম গড় নামৰ এজন শ্ৰমিক । বুকু আৰু পেটত গুৰুতৰভাৱে আঘাত পোৱা শ্ৰমিকজনক চিকিৎসাৰ বাবে গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ নিয়া হয় ৷ কিন্তু চিকিৎসাধীন অৱস্থাতে মৃত্যুবৰণ কৰে শ্ৰমিকজনে ।

অবৈধ বালি কুঁৱেৰীত বালি খান্দি মৃত্যু এজনৰ

উল্লেখ্য যে, বকিয়াল খণ্ড বন কাৰ্যালয়ৰ অধীনত কেইবাটাও অবৈধ বালিৰ কুঁৱেৰী গঢ় লৈ উঠাৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে । বন বিভাগৰ নিৰ্লিপ্ততাৰ বাবেই অসাধু চক্ৰই অবৈধভাৱে বালি খনন কৰিবলৈ সুবিধা পাইছে বুলি অভিযোগ কৰিছে একাংশ ৰাইজে । শীঘ্ৰে এই কুঁৱেৰীসমূহ বন্ধ কৰিবলৈ বন বিভাগক দাবী জনাইছে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক :ৰিতুল শইকীয়াৰ বাসগৃহত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিনিধি দল

ABOUT THE AUTHOR

...view details