গোলাঘাট,14 জুলাই: নুমলীগড় শোধনাগাৰৰ VK NRL হস্পিতালৰ APOLLO ফাৰ্মাচিত হোৱা উত্তেজনাৰ ফলত স্থানীয় একাংশ যুৱকে অনিৰ্দিষ্ট কাললৈ বন্ধ কৰে ফাৰ্মাচি খন৷ গোলাঘাট নুমলীগড়ৰ বিবেকানন্দ চিকিৎসালয়ৰ অন্তৰ্গত APOLLO ফাৰ্মাচিত সংঘটিত হয় ঘটনা৷ বিতো বৰা নামৰ 7 বছৰীয়া এটি শিশুক ভুল ঔষধ দিয়াক লৈ সৃষ্টি হয় উত্তেজনাৰ৷
নুমলীগড় শোধনাগাৰৰ এপ'ল' ফাৰ্মাচিত উত্তেজনা - ETV BHARAT
গোলাঘাট নুমলীগড় শোধনাগাৰৰ VK NRL হস্পিতালৰ এপ'ল' ফাৰ্মাচিত উত্তেজনা৷
বিবেকানন্দ চিকিৎসালয়ত শুকুৰবাৰে শিশুটিক চিকিৎসকে প্ৰেচক্ৰাইব কৰা এটা ঔষধ ফাৰ্মাচি খনৰ ফাৰ্মাচিষ্ট এজনে শিশুৰ পৰিৱৰ্তে প্ৰাপ্ত বয়স্ক লোকে খোৱা ঔষধ প্ৰদান কৰে৷ লগে লগে পৰিয়ালৰ সন্দেহ হোৱাত উক্ত ঔষধটো চিকিৎসকক দেখুওৱাত চিকিৎসকে ফাৰ্মাচিৰ পৰা দিয়া ঔষধবিধ শিশুৰ নহয় প্ৰাপ্তবয়স্ক লোকৰ বাবেহে বুলি নিশ্চিত কৰি শিশুটিক সেই ঔষধ নুখুৱাবলৈ কোৱাত শনিবাৰে উত্তাল হৈ পৰে চিকিৎসালয় খন৷ ইতিমধ্যে স্থানীয় ৰাইজে ফাৰ্মাচি খন অনিৰ্দিষ্ট কাললৈ বন্ধ কৰি দিছে। উল্লেখ্য যে ডাক্তৰে শিশুটিক চিৰাপ প্ৰেচক্ৰাইব কৰাৰ পৰিবৰ্তে ফাৰ্মাচিৰ কৰ্মচাৰীয়ে প্ৰাপ্তবয়স্কৰ টেবলেট দিছিল শিশুটিৰ অভিভাৱকক।