অসম

assam

ETV Bharat / state

নুমলীগড় শোধনাগাৰৰ মহা-প্ৰবন্ধক দিগন্ত চাংমাইক আটক - নুমলীগড় তেল শোধনাগাৰ

আৰক্ষীয়ে আটক কৰে নুমলীগড় তেল শোধনাগাৰৰ মহা প্ৰবন্ধক দিগন্ত চাংমাইক ৷ নুমলীগড় তেল শোধনাগাৰৰ অতি গোপন তথ্য ফাদিল আৰু জালিয়াতিৰ অভিযোগত মহা প্ৰবন্ধকগৰাকীক আটক কৰা হয় ৷

Numaligarh Anti Corporation
নুমলীগড় শোধনাগাৰৰ মহা প্ৰবন্ধক দিগন্ত চাংমাইক আটক

By ETV Bharat Assamese Team

Published : Dec 9, 2023, 9:15 PM IST

নুমলীগড় শোধনাগাৰৰ মহা প্ৰবন্ধক দিগন্ত চাংমাইক আটক

গোলাঘাট, 9 ডিচেম্বৰ :শনিবাৰে আৰক্ষীয়ে আটক কৰে নুমলীগড় তেল শোধনাগাৰৰ মহা-প্ৰবন্ধক দিগন্ত চাংমাইক ৷ নুমলীগড় তেল শোধনাগাৰৰ অতি গোপন তথ্য ফাদিল আৰু জালিয়াতিৰ অভিযোগত মহা প্ৰবন্ধকগৰাকীক আটক কৰা হয় ৷

অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই আটক কৰে দিগন্ত চাংমাইক । তেল শোধনাগাৰটোৰ কৰ্পৰেট, স্বাস্থ্য আৰু নিৰাপত্তা দিশৰ মহা-প্ৰৱন্ধক হিচাবে কৰ্মৰত হৈ আছে দিগন্ত চাংমাই ৷ আনহাতে নুমলীগড় তেল শোধনাগাৰৰ বিষয়াসকলৰ সন্থাৰ সভাপতিৰ দায়িত্বতো আছে মহা-প্ৰবন্ধকগৰাকী ৷

শনিবাৰে পুৱাৰে পৰা আৰক্ষীৰ এটা বৃহৎ দলে প্ৰৱন্ধকগৰাকীৰ শোধনাগাৰৰ ভিতৰত থকা ব্যক্তিগত কাৰ্যালয় আৰু শোধনাগাৰ নগৰাঞ্চলত থকা আৱাসগৃহত অভিযান চলায় । দীৰ্ঘ সময় দিগন্ত চাংমাইক সোধপোছৰ অন্তত আটক কৰে আৰক্ষীয়ে ।

উল্লেখ্য যে তেল শোধনাগাৰটোৰ মহা-প্ৰবন্ধকগৰাকীৰ বিৰুদ্ধে দীৰ্ঘদিন ধৰি স্থানীয় লোক, দল-সংগঠনে একাধিক অভিযোগ উত্থাপিত কৰি আহিছিল ৷ অভিযোগ অনুসৰি দীৰ্ঘদিনৰ পৰা দিগন্ত চাংমাই নামৰ মহা প্ৰবন্ধকজনে শোধনাগাৰৰ গোপন তথ্য ফাদিল কৰাৰ অভিযোগ উত্থাপিত হৈ আহিছিল । স্থানীয় লোকৰ অভিযোগ অনুসৰি নাৰী কেলেংকাৰীতো জড়িত দিগন্ত চাংমাই নুমলীগড় তেল শোধনাগাৰৰ বিকাশত বাধাৰ সৃষ্টি কৰি আহিছিল ৷

কু-চক্ৰান্তৰে তেল শোধনাগাৰটোৰ বিকাশত বাধাৰ সৃষ্টি কৰি অহা মহা প্ৰবন্ধকগৰাকীক আৰক্ষীয়ে আটক কৰা পাচতে নুমলীগড়ৰ বিভিন্ন দল-সংগঠনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ কেবাটাও অভিযোগত অভিযুক্ত আটকাধীন দিগন্ত চাংমাইক কঠোৰতকৈও কঠোৰ শাস্তি প্ৰদানৰ দাবী কৰিছে ভিন্নজনে ৷

আনহাতে ব্যক্তিগত স্বাৰ্থ পূৰণ নোহোৱাৰ বাবে বিভিন্ন সময়ত সোধনাগাৰটোৰ বিষয়াৰ ওপৰত ভুৱা গোচৰ জাপি দি শোধনাগাৰটোৰ সম্প্ৰসাৰণ প্ৰকল্পত ব্যাঘাত জন্মোৱাৰ অভিযোগো উত্থাপিত হৈছে দিগন্ত চাংমাইৰ বিৰুদ্ধে ৷

লগতে পঢ়ক :এ পি এছ চি কেলেংকাৰী : ৱাহিদা বেগমক তিনি দিনৰ আৰক্ষীৰ জিম্মাত; আন তিনিজনক তলব

ABOUT THE AUTHOR

...view details