অসম

assam

ETV Bharat / state

এটুপি পানীৰ বাবে হাহাকাৰ সৰুপথাৰৰ কৃষকৰ - বৰষুণ

দীৰ্ঘ দিন ধৰি বৰষুণ নোহোৱাত এতিয়া পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে সৰুপথাৰৰ কৃষক ৰাইজে। খেতি পথাৰতে মৰহি গৈছে শালি ধানৰ কঠিয়া ৷

No Rain in Sarupathar, Golaghat District
এটুপি পানীৰ বাবে হাহাকাৰ সৰুপথাৰৰ কৃষক ৰাইজৰ

By

Published : Jul 4, 2021, 7:20 PM IST

সৰুপথাৰ, 4 জুলাই : গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ সৰুপথাৰ অঞ্চলত এতিয়া এটুপি পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে কৃষক ৰাইজে । দীৰ্ঘদিন ধৰি সৰুপথাৰ অঞ্চলত বৰষুণ নোহোৱাৰ বাবে চৌদিশে খৰাং পৰিৱেশৰ সৃষ্টি হৈছে । অকল সেয়াই নহয় পথাৰসমূহ শুকাই চিৰালফাট মেলিছে । আহাৰ মাহৰ 19 টাকৈ দিন বাগৰাৰ পিছতো এতিয়ালৈকে কঁঠিয়াকে পাৰিব পৰা নাই কৃষক ৰাইজে । যাক লৈ এতিয়া গভীৰ চিন্তাত পৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে কৃষকসকলৰ ।

এটুপি পানীৰ বাবে হাহাকাৰ সৰুপথাৰৰ কৃষক ৰাইজৰ

দীৰ্ঘদিন ধৰি অঞ্চলটোত বৰষুণ হোৱা নাই যদিও শুকান পথাৰতে ট্ৰেক্টৰৰে হাল বাইছে কৃষক সকলে । উল্লেখ্য যে, অঞ্চলটোৰ ঠাই বিশেষে চৰকাৰী জলসিঞ্চন বিভাগৰ পানী যোগান আঁচনিসমূহ (Water supply scheme) আছে যদিও কিছু কিছু আঁচনি এতিয়াও কাৰ্যক্ষম হৈ থকা নাই । ফলত বৰষুণৰ আশাতে ৰৈ থাকিবলগীয়া হৈছে কৃষক সকল ৷ ইফালে সৰুপথাৰ অঞ্চলৰ অধিকাংশ লোকেই খেতি-বাতি কৰিয়েই পৰিয়াল পোহপাল দি আহিছে ।

ইফালে শালি ধান খেতিৰ উন্নত সময়টো হৈছে আহাৰ-শাওন মাহ ৷ ইফালে শালি ধানখেতিৰ বাবে জেঠ আহাৰ মাহতে কঠিয়া পাৰি সাজু কৰে কষক সকলে ৷ কিন্তু খেতি কৰাতো দূৰৰে কথা কোনো কোনো অঞ্চলত কঠিয়াকে পাৰিব পৰা নাই কৃষকে ৷

আহাৰ মাহৰ আধাতকৈও অধিক দিন পাৰ হৈ যোৱাৰ পাছতো বৰষুণ নহল ৷ ফলত এতিয়া মূৰে কঁপালে হাত দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে কৃষক ৰাইজ ৷ যদি আৰু দহ পোন্ধৰ দিনৰ ভিতৰত বৰষুণ নহয় তেনেহ'লে শালি খেতি কৰাৰ সময় অতিক্ৰম কৰিব ৷ ইফালে প্ৰায় সংখ্যক লোকেই কৃষি কৰ্মৰে পৰিয়ালটো পোহ পাল দি আহিছিল যদিও বৰষুণ নোহোৱাত এক প্ৰকাৰ হাহাকৰা পৰিস্থিতিৰ সৃষ্টি হৈছে সৰ্বসাধাৰণ খেতিয়ক ৰাইজৰ । শীঘ্ৰেই কৃষক ৰাইজৰ বাবে পানী যোগান ব্যৱস্থা কৰি দিবলৈ অনুৰোধ জনাইছে কৃষক ৰাইজে ।

লগতে পঢ়ক-ভেকচিনৰ নাটনিৰ মাজতে বহু জিলাত ভয়াৱহ সংক্ৰমণ

ABOUT THE AUTHOR

...view details