গোলাঘাট, 26 মে': ৰাজ্যত অব্যাহত ভয়াৱহ ক’ভিড মহামাৰীৰ সংহাৰী ৰূপ ৷ অপ্ৰতিৰোধ্য ৰূপত বৃদ্ধি পাইছে ক’ভিড-19ৰ সংক্ৰমণ ৷ বৃদ্ধি পাইছে ক’ভিড-19 ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৷ পৰিস্থিতিৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য চৰকাৰে বৃদ্ধি কৰিছে এটাৰ পিছত আনটো লকডাউন ৷ উল্লেখ্য যে, বুধবাৰৰ পৰা ৰাজ্যত পুনৰ প্ৰযোজ্য হ’ল ক’ভিডৰ নতুন নিৰ্দেশনা ৷
গ্ৰাম্যাঞ্চলৰ বাবে ক’ভিডৰ নতুন নিৰ্দেশনা - বলবৎ সান্ধ্য আইন
ৰাজ্যত পুনৰ প্ৰযোজ্য হ’ল ক’ভিডৰ নতুন নিৰ্দেশনা ৷ নতুন নিৰ্দেশনাত বুধবাৰৰ পৰা দিনৰ 1 বজাত গ্ৰাম্যাঞ্চলৰ দোকান পোহাৰ বন্ধ হ’ব আৰু 2 বজাৰ পৰা বলৱৎ হ'ব সান্ধ্য আইন ৷
ক’ভিড পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে বলৱৎ কৰা নতুন নিৰ্দেশনাত বুধবাৰৰ পৰা গ্ৰাম্যঞ্চলৰ দোকান পোহাৰ বন্ধ হব দিনৰ 1 বজাত আৰু 2 বজাৰ পৰা বলবৎ হ'ব সান্ধ্য আইন । পূৰ্বতে গ্ৰাম্যাঞ্চলত দিনৰ 2 বজাত দোকান পোহাৰ বন্ধ হোৱাৰ লগতে সন্ধিয়া 6 বজাত বলবৎ হৈছিল সান্ধ্য আইন ৷ গ্ৰাম্যাঞ্চলত এই নতুন নিৰ্দেশনাৰ পিছতেই দিনৰ 1 বজাৰ পিছত গ্ৰাম্যাঞ্চলৰ দোকান পোহাৰ বন্ধ হৈ পৰে । বৰ্তমান গ্ৰাম্যাঞ্চলত নিমাওমাও পৰিৱেশ ।
লগতে পঢ়ক :ডিব্ৰুগড় উপায়ুক্ত কাৰ্যালয়ত স্থাপন বিশেষ টেলিফোনিক সহায়ক কেন্দ্ৰ