অসম

assam

ETV Bharat / state

সৰুপথাৰত মুকলি অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মিত এপ দৈয়াং - Doiyang

সৰুপথাৰৰ পাঁচজন শিক্ষিত অসমীয়াই মুকলি কৰিছে অত্যাধুনিক প্ৰযুক্তি সম্পন্ন এপ দৈয়াং ৷ প্লে ষ্ট’ৰত উপলব্ধ এপটোৰ জৰিয়তে গ্ৰাহকে সামগ্ৰী ক্ৰয়ৰ লগতে লাভ কৰিব হোম ডেলিভাৰীৰ সুবিধা ৷

New app Doiyang realease at sarupathar golaghat assam etv bharat news
অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মিত এপ দৈয়াং মুকলি

By

Published : Jun 22, 2020, 2:17 PM IST

সৰুপথাৰ,22 জুন: ধনশিৰি মহকুমাৰ অন্তৰ্গত সৰুপথাৰৰ পাঁচগৰাকী শিক্ষিত যুৱকে একত্ৰিত হৈ দেখুৱাইছে অসমীয়াগিৰী ৷ ডিজিটেল প্লেনেট নামৰ বৈদ্যুতিক বিপণীখন আৰম্ভ কৰি লক ডাউনৰ সময়ত কৰি উলিওৱা চিন্তাৰে ৰাইজৰ সুবিধা হোৱাকৈ যুৱককেইজনে মুকলি কৰিছে দৈয়াং নামৰ এটি নতুন এপ ৷ এপটোৰ জৰিয়তে প্ৰয়োজনীয় যিকোনো বৈদ্যুতিক সামগ্ৰী সহজে ক্ৰয় কৰিব পাৰিব গ্ৰাহকে ৷ সম্প্ৰতি প্লে ষ্টোৰত উপলব্ধ হৈছে দৈয়াং নামৰ এপটো ৷

অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মিত এপ দৈয়াং মুকলি

আনহাতে,সৰুপথাৰৰ লগতে বৰপথাৰৰ প্ৰায় ২০ কিল’মিটাৰ ব্যাসাৰ্ধৰ ৰাইজৰ সুবিধা হোৱাকৈ যিকোনো প্ৰয়োজনীয় সামগ্ৰী ঘৰতে যোগান ধৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে উদীয়মান যুৱ ব্যৱসায়ী কেইজনে ৷ উল্লেখ্য যে,গেলামাল সামগ্ৰীৰ পৰা নিত্য প্ৰয়োজনীয় সকলো সামগ্ৰী উপলব্ধ হ’ব দৈয়াঙত ৷ অতি কমেও 300 টকাৰ বজাৰ কৰিলে গ্ৰাহকে লাভ কৰিব হোম ডেলিভাৰীৰ সুবিধা ৷ এনেদৰে এতিয়া থলুৱা বজাৰ দখলৰ যুঁজত নামি পৰা সৰুপথাৰৰ যুৱক কেইজনে দেখুৱাইছে প্ৰকৃত অসমীয়াগিৰি ৷

লগতে চাওকঃতিনিচুকীয়াত পথ নিৰ্মাণৰ নামত দুৰ্নীতি

ABOUT THE AUTHOR

...view details