অসম

assam

ETV Bharat / state

উচ্চ শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত হ'ব ৰাজ্যৰ বহুসংখ্যক শিক্ষাৰ্থী ! - নাগালেণ্ড আৰু মিজোৰাম বিশ্ববিদ্যালয়ৰ নামভৰ্তি প্ৰক্ৰিয়াক লৈ শিক্ষাৰ্থীৰ প্ৰতিক্ৰিয়া

নাগালেণ্ড আৰু মিজোৰাম বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ পাঠ্যক্ৰমৰ নামভৰ্তিৰ অন্তিম তাৰিখ ৫ নৱেম্বৰ, বঞ্চিত হ'ব অসমৰ হাজাৰ হাজাৰ শিক্ষাৰ্থী ।

উচ্চ শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত হ'ব ৰাজ্যৰ বহুসংখ্যক শিক্ষাৰ্থী !
উচ্চ শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত হ'ব ৰাজ্যৰ বহুসংখ্যক শিক্ষাৰ্থী !

By

Published : Oct 29, 2020, 1:32 PM IST

গোলাঘাট, 29 অক্টোবৰ : নাগালেণ্ড আৰু মিজোৰাম বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ পাঠ্যক্ৰমৰ নামভৰ্তিৰ অন্তিম তাৰিখ ধাৰ্য্য কৰা হৈছে 5 নৱেম্বৰ ৷ ইয়াকে লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অসমৰ একাংশ শিক্ষাৰ্থীয়ে ৷ ৰাজ্য দুখনত উচ্চ শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত হ'ব ৰাজ্যৰ বহুসংখ্যক শিক্ষাৰ্থী ।

অসম চৰকাৰৰ শিক্ষা মন্ত্ৰী আৰু শিক্ষা বিভাগৰ ভুল নীতিৰ বাবে বঞ্চিত হ'ব এইসকল শিক্ষাৰ্থী । যিহেতু নাগালেণ্ড আৰু মিজোৰাম বিশ্ববিদ্যালয়ে স্নাতকোত্তৰ পাঠ্যক্ৰমত নামভৰ্তিৰ অন্তিম তাৰিখ ঘোষণা কৰিছে আৰু তাৰ পূৰ্বেই নামভৰ্তি প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰা শিক্ষাৰ্থীসকলৰ সকলো তথ্য-পাতি বিছাৰিছে বিশ্ববিদ্যালয় দুখনে ৷

আশ্বৰ্যকৰ বিষয়টো হ'ল যে অসমৰ কলেজসমূহত এতিয়াও অব্যাহত আছে স্নাতকৰ চূড়ান্ত পৰীক্ষাসমূহ । বিশেষকৈ বিজ্ঞান শাখাৰ চূড়ান্ত পৰীক্ষাৰ ব্যৱহাৰিক পৰীক্ষাসমূহ চলিব অহা 5 নৱেম্বৰ পৰ্যন্ত । তেনে ক্ষেত্ৰত এইসকল শিক্ষাৰ্থীয়ে বহিঃৰাজ্যৰ বিশ্ববিদ্যালয়সমূহত উচ্চ শিক্ষাৰ বাবে নাম ভৰ্ত্তি কৰাৰ ক্ষেত্ৰত বঞ্চিত হোৱাটো নিশ্চিত ।

নাগালেণ্ড আৰু মিজোৰাম বিশ্ববিদ্যালয়ৰ নামভৰ্তি প্ৰক্ৰিয়াক লৈ অধ্যাপকৰ প্ৰতিক্ৰিয়া

কৰ'না মহামাৰীৰ পৰিপ্ৰেক্ষিতত দীৰ্ঘদিন বন্ধ হৈ আছিল শিক্ষানুষ্ঠানসমূহ । শেহতীয়াকৈ শিক্ষানুষ্ঠান খোলাৰ সিদ্ধান্ত লৈছে যদিও এতিয়া আন এক সমস্যাৰ মাজত সোমাই পৰিছে শিক্ষাৰ্থীসকল । সেয়ে অসমৰ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীয়ে চুবুৰীয়া ৰাজ্যৰ চৰকাৰৰ সৈতে আলোচনাৰ মাধ্যমেৰে শিক্ষাৰ্থীসকলক উপকৃত কৰাৰ ক্ষেত্ৰত উচিত ব্যৱস্থা লবলৈ আহ্বান জনাইছে । অন্যথা ৰাজ্যৰ হাজাৰ হাজাৰ শিক্ষাৰ্থী এই বছৰ উচ্চ শিক্ষা লাভৰ পৰা বঞ্চিত হোৱাটো নিশ্চিত ।

লগতে পঢ়ক :মিঞা মিউজিয়াম সন্দৰ্ভত প্ৰতিক্ৰিয়া আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ

ABOUT THE AUTHOR

...view details