অসম

assam

গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয়ত উপস্থিত বিধায়ক মৃণাল শইকীয়া

পৰ্যাপ্ত শিক্ষক,আন্তঃগাঁথনিৰ অভাৱত AITCE য়ে বাতিল কৰিছিল গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ স্বীকৃতি ৷

By

Published : May 15, 2019, 9:17 PM IST

Published : May 15, 2019, 9:17 PM IST

গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয়ত উপস্থিত বিধায়ক মৃণাল শইকীয়া

গোলাঘাট, 15 মে': গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয়ত উপস্থিত খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া ৷ চলিত বৰ্ষৰ 5 ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শুভ উদ্বোধন কৰা গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ স্বীকৃতিৰ আবেদন AITCE য়ে বাতিল কৰাৰ পাছত ছাত্ৰ-ছাত্ৰীক আশ্বাস প্ৰদানৰ উদ্দেশ্যে উপস্থিত হয় বিধায়কজন ৷

গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয়ত উপস্থিত বিধায়ক মৃণাল শইকীয়া

মহাবিদ্যালয়ত অধ্যয়নৰত ৯২ গৰাকী শিক্ষাৰ্থীক আশ্বাস প্ৰদান কৰাৰ লগতে প্ৰতিষ্ঠানটো কোনো কাৰণতেই বন্ধ নোহোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে বিধায়ক গৰাকীয়ে ৷ AICTEয়ে 17 টা কাৰণ দৰ্শাই অভিযান্ত্ৰিক মহাবিদ্যালয় খনৰ স্বীকৃতি আবেদন বাতিল কৰা বিষয়টো প্ৰতিষ্ঠানখনৰ অধ্যক্ষ আৰু শিক্ষাৰ্থীসকলৰ মাজত আলোচনা কৰে ৷ আনহাতে মহাবিদ্যালয়খনৰ বাতিল কৰা স্বীকৃতিক উঠাই লবলৈ আগন্তুক দুমাহৰ ভিতৰতে যাৱতীয় সকলো কাম কৰিবলৈ বিধায়কগৰাকীলৈ আহ্বান জনায় ছাত্ৰ-ছাত্ৰীসকলে ৷

উল্লেখ্য যে,নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত যোৱা 5 ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উদ্বোধন কৰিছিল অভিযান্ত্ৰিক মহাবিদ্যালয়খন। কিন্তু 'অল ইণ্ডিয়া কাউন্সিল ফৰ টেকনিকেল এডুকেশ্যনে' পৰ্যাপ্ত শিক্ষক, আন্তঃগাঁথনিৰ অভাৱত বাতিল কৰে অভিযান্ত্ৰিক মহাবিদ্যালয়ৰখনৰ স্বীকৃতি ৷

ABOUT THE AUTHOR

...view details