অসম

assam

ETV Bharat / state

জুবিন গাৰ্গ প্ৰসংগত বিধায়ক মৃণাল শইকীয়াৰ প্ৰতিক্ৰিয়া - ব্ৰেণ্ড এম্বেচাদৰ

জুবিন গাৰ্গৰ পদক্ষেপক আদৰণি বিজেপি বিধায়ক মৃণাল শইকীয়াৰ ৷ কৃষি খণ্ডলৈ যুৱ প্ৰজন্মক আকৰ্ষিত কৰিবৰ বাবে জুবিন গাৰ্গ সামৰ্থ হ'ব বুলি মন্তব্য বিধায়ক গৰাকীৰ ৷

জুবিন গাৰ্গ প্ৰসংগত বিধায়ক মৃণাল শইকীয়াৰ প্ৰতিক্ৰিয়া
জুবিন গাৰ্গ প্ৰসংগত বিধায়ক মৃণাল শইকীয়াৰ প্ৰতিক্ৰিয়া

By

Published : Aug 13, 2020, 5:34 PM IST

গোলাঘাট, 13 আগষ্টঃ অসম চৰকাৰৰ কৃষি বিভাগৰ অধীনত ব্ৰেণ্ড এম্বেচাদৰ হ’বলৈ আগবাঢ়ি অহাৰ বাবে বিভিন্ন স্থানত সমালোচনাৰ প্ৰাত্ৰ হৈ পৰিছে অসমৰ হাৰ্ট থ্ৰব জুৱিন গাৰ্গ ৷ কা আন্দোলনৰ সময়ত কা বিৰোধী সকলৰ বাবে আগশাৰীৰ এগৰাকী নেতালৈ পৰিৱৰ্তীত হোৱা জুবিন গাৰ্গৰ এই সিদ্ধান্তক একাংশ লোকে তীক্ষ্ণ সমালোচনা কৰিছে ৷ এই সমালোচনাৰ বিৰুদ্ধে মুখ খুলিছে বিজেপিৰ খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই ৷

জুবিন গাৰ্গ প্ৰসংগত বিধায়ক মৃণাল শইকীয়াৰ প্ৰতিক্ৰিয়া

বিধায়ক গৰাকীয়ে কয় যে, অসমৰ লিডাৰ হ'বলৈ "ক্ৰিয়েট" কৰিব নালাগে, "ডেষ্ট্ৰই" কৰিব লাগে ৷ ভাল কাম কৰিলে আজিৰ দিনত লিডাৰ নহয় ৷ 50 জনমান মানুহ লৈ ৰাস্তা এটা বন্ধ কৰি দিলেই লিডাৰ হৈ যাব ৷ হাৰ্টথ্ৰৱ জুবিন গাৰ্গ অসমৰ কৃষি খণ্ডৰ ব্ৰেণ্ড এম্বেচেদৰ হোৱাৰ লগে লগে একাংশৰ সান্দহ খোৱা বালি তল পৰিল ৷ কাৰণ জুবিন গাৰ্গৰ অভূতপূৰ্ব জনপ্ৰিয়তাৰ সুবিধা লৈ বহুতে মন্ত্ৰী-বিধায়ক হোৱাৰ সপোন দেখিছিল ৷ এতিয়া তেওঁলোকৰ সান্দহ খোৱা বালি তল পৰিল ৷

জুবিন গাৰ্গৰ পদক্ষেপক আদৰণি জনাইছে বিধায়ক মৃণাল শইকীয়াই ৷ লগতে বৃহস্পতিবাৰে সাংবাদিক সৈতে হোৱা কথা বতৰাত বিধায়ক শইকীয়াই কয় যে, আজি জুবিন গাৰ্গে ভাল কাম কৰিবলৈ আগবাঢ়িছে, গতিকে এতিয়া জুবিন বেয়া ৷ জুবিনক গালি পাৰিছে ৷ আক্ৰমণ কৰিছে ৷ কিন্তু কালিলৈকে যেতিয়া জুবিন গাৰ্গক ভুল পথে পৰিচালনা কৰি কোনোবাই মন্ত্ৰী বিধায়ক হোৱাৰ সপোন দেখিছিল তেতিয়া জুবিন গাৰ্গ ভাল আছিল ৷


লগতে পঢ়কঃ
জুবিনক আক্ৰমণ : NSUI নেতাৰ বিৰুদ্ধে সন্দেহৰ আঙু
লি

ABOUT THE AUTHOR

...view details