বিদ্যুতৰ খুঁটা দিয়াৰ নামত ঠিকাদাৰৰ ধন দাবী - গোলাঘাট
বিদ্যুৎ বিভাগৰ ঠিকাদাৰ আগে-আগে....সাংবাদিক পিছে পিছে । সাংবাদিকৰ কেমেৰা দেখি পলায়ন ঠিকাদাৰ পল্টু ডেকাৰ ৷
সৰুপথাৰ,18 জুনঃ সৰুপথাৰ সীমান্তৰ চুঙাজান মাজগাঁৱত ঠিকাদাৰ পল্টুৰ চলিছে দুৰ্নীতি । বিদ্যুতৰ খুঁটা দিয়াৰ নামত ঠিকাদাৰজনে গাঁওবাসীক কৰিছে ধন দাবী । খুঁটাৰ বিনিময়ত দিয়ক ৬০০০হাজাৰ,নহ'লে উঠায় নিয়া হ'ব বিদ্যুতৰ খুঁটা-এই দাবী ঠিকাদাৰ পল্টুৰ । আনকি,ঠিকাদাৰজনে অঞ্চলটোৰ কিছু পৰিয়ালৰ পৰা ১০০০টকাকৈ ল’লে বিদ্যুতৰ খুঁটা দিয়াৰ নামত । পিছে ঠিকাদাৰ পল্টুৱে পইচা ঠিকেই ল’লে । গাঁওবাসীক হ'লে নিদিলে বিদ্যুতৰ খুঁটা । গাঁত খান্দিয়ে নিজৰ দায়িত্ব সামৰা ঠিকাদাৰ পল্টু মঙলবাৰে পুনৰ গাঁৱলৈ আহিল ধন নিয়াৰ বাবে । কিন্তু সেইদিনা কপাল বেয়া আছিল পল্টুৰ । ধন নিবলৈ আহি সাংবাদিকক দেখি থতমত খোৱা পল্টু পলায়ন কৰিলে ঘটনাস্থলীৰ পৰা ।