যোৰহাট, 15 জুলাই : ৰাজ্যত ক্ৰমাৎ বৃদ্ধি হৈছে নাৰীজনিত অপৰাধ ৷ প্ৰতিদিনেই ইটোৰ পিচত নাৰীজনিত অপৰাধৰ বাতৰিয়ে শিৰোনাম দখল কৰাৰ পিচতেই এইবাৰ গোলাঘাট জিলাৰ দেৰগাঁৱত জঘন্য ঘটনা সংঘটিত হৈছে ৷ এগৰাকী 13 বছৰীয়া কিশোৰীক এগৰাকী 50 উৰ্ধ্বৰ ব্যক্তিয়ে বলপূৰ্বক শাৰীৰিক সম্পৰ্ক কৰি অন্তঃসত্বা কৰে ৷ এই কথা পোহৰলৈ অহাৰ পিচতে অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷
ঘটনাৰ বিৱৰণী অনুসৰি কণমানিগৰাকীয়ে নিজ ভাতৃ আৰু আইতাকৰ সৈতে অঞ্চলটোৰ মন্দিৰ এটাৰ সমীপতে ভাড়াঘৰত বাস কৰিছিল ৷ ঘাটমাউৰা কিশোৰীগৰাকীয়ে আইতাকৰ লগতে প্ৰতিদিনে মন্দিৰৰ বাবে ফুল বুটলাৰ লগতে চাফ চিকুণ কৰি পূজা-পাতল কৰিছিল ৷ তেওঁলোক ভাড়া থকা একেটা চৌহদতে পৰেশ গোঁসাই বুলি 50 ৰ উৰ্ধ্বৰ বিবাহিত লোকজনেও বাস কৰিছিল ৷ পৰেশৰ পৰিয়াল কলকাতাত বাস কৰে ৷ এখন সোণৰ আ-অলংকাৰৰ দোকান আছে পৰেশৰ ৷
পূৰ্বতে প্ৰায়েই পৰেশে কিশোৰীগৰাকীক মন্দিৰৰ পৰা মাতি লৈ গৈছিল ৷ যদিও এই কথাক কোনো লোকে অন্যধৰণে লোৱা নাছিল ৷ আজিৰ পৰা প্ৰায় 7 মাহৰ পূৰ্বে কিশোৰীৰ পৰিয়ালটোৱে সেই ঠাইৰ পৰা ভাড়াঘৰ সলনি কৰি অন্য এটা ঠাইলৈ গুচি আহে ৷ কিন্তু শেহতীয়াকৈ কিশোৰীগৰাকীৰ শৰীৰৰ অস্বাভাৱিক পৰিৱৰ্তন দেখি এই কথা লক্ষ্য কৰে স্থানীয় লোকে ৷ স্থানীয় লোকে কিশোৰীগৰাকীক সোধে যদিও তেওঁ একো হোৱা নাই বুলি কৈছিল ৷