অসম

assam

ETV Bharat / state

কলিয়াবৰ সমষ্টি বিজেপিৰ বাবে কঠিন আসন : হিমন্ত বিশ্ব শৰ্মা

খুমটাইৰ বিধায়ক মৃণাল শইকীয়াৰ গোলাঘাট যোগীবাৰীস্থিত বাসগৃহত বিজেপিৰ নেতা কৰ্মীৰ দলীয় বৈঠক

গোলাঘাটত বিজেপিৰ নেতা কৰ্মীৰ দলীয় বৈঠক

By

Published : Mar 29, 2019, 10:52 AM IST

গোলাঘাট, 29 মাৰ্চ : গোলাঘাটত বৃহস্পতিবাৰে নিশা হঠাৎ মন্ত্ৰী খুমটাইৰ বিধায়ক মৃণাল শইকীয়াৰ গোলাঘাটৰ বাসগৃহত বিজেপিৰ দলীয় বৈঠক ৷ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, চন্দ্ৰমোহন পাটোৱাৰীৰ লগতে বিজেপিৰ বহু কেইগৰাকী নেতা আৰু দলীয় কৰ্মীৰ উপস্থিতিত অনুষ্ঠিত হয় এই বৈঠক। অগপৰ সৈতে বিজেপিৰ মিত্ৰতাৰ লগতে সমষ্টিটোৰ পৰা মিত্ৰজোঁটৰ অগপ দলৰ প্ৰাৰ্থী মণিমাধৱ মহন্তই প্ৰাৰ্থীত্ব লাভ কৰাৰ পাচতে সৰৱ হৈ পৰিছিল তৃণমূল পৰ্যায়ৰ দলীয় কৰ্মীসকল ৷

গোলাঘাটত বিজেপিৰ নেতা কৰ্মীৰ দলীয় বৈঠক
যাৰ পৰিপেক্ষিততে বিজেপিৰ তৃণমূল কৰ্মীসকলক বুজনি দিবলৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আয়োজন কৰে এই দলীয় বৈঠকৰ ৷ ইপিনে এই বৈঠকতে তৃণমূল পৰ্যায়ৰ কৰ্মীসকলক মিত্ৰজোঁটৰ প্ৰাৰ্থী মণিমাধৱ মহন্তৰ হৈ প্ৰচাৰ চলাবলৈ আহ্বান জনায় মন্ত্ৰী হিমন্তই ৷ আনহাতে উক্ত বৈঠকত অংশগ্ৰহণ কৰি কলিয়াবৰ লোকসভা সমষ্টি বিজেপিৰ বাবে এক কঠিন আসন বুলি ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজ মুখে স্বীকাৰসমষ্টিটোত যুঁজ চলাই যোৱাৰ কথা সাংবাদিকৰ আগতউল্লেখ কৰে ৷
উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসম ভ্ৰমণৰ প্ৰাক্ক্ষণত এনেদৰে নিৰ্বাচনক লৈ ব্যস্ত হৈ পৰিছে অসমৰ বিজেপি নেতাসকল ।

ABOUT THE AUTHOR

...view details