অসম

assam

Barpathar murder case: পত্নীক পলুৱাই নিয়া লোকক হত্যা কৰি পুখুৰীত পেলালে স্বামীয়ে

By ETV Bharat Assamese Team

Published : Nov 9, 2023, 1:30 PM IST

Updated : Nov 9, 2023, 1:41 PM IST

এগৰাকী মহিলীক পলুৱাই নিয়াৰ গইনা লৈ গোলাঘাট জিলাৰ সৰুপথাৰত লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা সংঘটিত হয় ৷ পত্নীসহ লগ হৈ জিতেনে সংঘটিত কৰিছিল এই হত্যাকাণ্ড ৷

Golaghat murder case
পত্নীক পলুৱাই নিয়া লোকক হত্যা কৰি পুখুৰীত পেলালে স্বামীয়ে

পত্নীক পলুৱাই নিয়া লোকক হত্যা কৰি পুখুৰীত পেলালে স্বামীয়ে

সৰুপথাৰ, 9 নৱেম্বৰ : দীপক হত্যাকাণ্ডৰ নতুন মোৰ ৷ এগৰাকী মহিলীক পলুৱাই নিয়াৰ গইনা লৈ সংঘটিত হৈছিল এই ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনা ৷ পত্নীসহ লগ হৈ জিতেনে সংঘটিত কৰিছিল এই হত্যাকাণ্ড ৷

উল্লেখ্য যে, গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ অন্তৰ্গত সৰুপথাৰৰ টেঙাহোলা পঞ্চায়তৰ অন্তৰ্গত লতাজুৰি গাঁৱত যোৱা 27 অক্টোবৰত উদ্ধাৰ কৰা হৈছিল এটা মৃতদেহ। বৰপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত লতাজুৰি গাঁৱৰ স্থানীয় লোকে দুৰ্গন্ধ পোৱাৰ পিচতেই গাঁৱখনৰ ওচৰৰে এটা পুখুৰীত বস্তাৰে বান্ধি পেলাই থোৱা মৃতদেহ এটা প্ৰত্যক্ষ কৰে । তাৰ পিচতে মৃতদেহটো উদ্ধাৰ হৈছিল যদিও কাৰ মৃতদেহ চিনাক্ত কৰিব পৰা নাছিল।

পৰৱৰ্তী সময়ত পৰিয়ালৰ লোকে মৃতদেহ উদ্ধাৰৰ খবৰ পাই এই মৃতদেহটো মুচাৰফ হুচেইন ওৰফে দীপক নামৰ ব্যক্তিজন বুলি চিনাক্ত কৰে। ব্যক্তিজনৰ ঘৰ সৰুপথাৰৰ 2 নং পদুমণিত বুলি জানিব পৰা গৈছিল । পৰিয়ালৰ লোকে জানিবলৈ দিয়া অনুসৰি যোৱা 22 অক্টোবৰত মুচাৰফ হুচেইন ওৰফে দীপক সন্ধানহীন হৈছিল। পৰিয়ালৰ লোকেৱ দীপকৰ বহু বিচাৰ খোচাৰ কৰিছিল যদিও বিচাৰি পোৱা নাছিল ৷ কিন্তু যোৱা 27 অক্টোবৰত ব্যক্তিজনৰ হঠাতে মৃতদেহ উদ্ধাৰ পৰিয়ালৰ লোকে আচৰিত হৈছিল ।

তাৰ পিচতেই দীপকৰ পৰিয়ালৰ লোকে সৰুপথাৰ 1 নং পদুমণিৰ জীতেন মুৰ্মূৰ ওপৰত সন্দেহ কৰি 1অক্টোবৰত পৰিয়ালৰ লোকে গোচৰ ৰুজু কৰে।এই অভিযোগৰ ভিত্তিত বৰপথাৰ আৰক্ষীয়ে যোৱা 7 নৱেম্বৰ তাৰিখে আটক কৰে জিতেন মুৰ্মূক। বৰ্তমানেও আৰক্ষীয়ে থানাত সোধা পোছা অব্যাহত ৰাখিছে জিতেনক।

জিতেনে জানিবলৈ দিয়া অনুসৰি, তেওঁৱেই হত্যা কৰিছিল দীপকক ৷ তেওঁৰ পত্নীৰ সৈতে লগ হৈ হত্যাৰ পৰিকল্পনা কৰিছিল ৷ দীপকে জিতেনৰ পত্নী আৰু সন্তানসহ পলুৱাই লৈ গৈছিল ৷

লগতে পঢ়ক:Sleeper bus catches fire: দিল্লী-গুৰুগ্ৰাম এক্সপ্ৰেছৱেত ভয়ংকৰ অগ্নিকাণ্ড; ২ জন নিহত, ১২ জন আহত

Last Updated : Nov 9, 2023, 1:41 PM IST

ABOUT THE AUTHOR

...view details