অসম

assam

By

Published : Jul 7, 2019, 3:41 PM IST

ETV Bharat / state

ক্ৰমাৎ জটিল ৰূপত হাতী-মানুহৰ সংঘাত

গোলাঘাট জিলাত ক্ৰমাৎ জটিল ৰূপ ধাৰণ কৰিছে হাতী মানুহৰ সংঘাতে । দৈনিক খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই আহে জাক জাক বন্যহস্তী ৷ জনাঞ্চলত প্ৰৱেশ কৰি সৃষ্টি কৰি আহিছে ত্ৰাসৰ ।

গোলাঘাটত হাতী-মানুহৰ সংঘাত

গোলাঘাট, 7 জুলাই : গোলাঘাট জিলাত ক্ৰমাৎ জটিল ৰূপ ধাৰণ কৰিছে হাতী মানুহৰ সংঘাতে । গোলাঘাটৰ কাঠনি চাহ বাগিচা, সুন্দৰপুৰ, ধলাগুৰি চাহ বাগিচাৰ সুন্দৰপুৰ, ৰজা আলি অঞ্চলত শনিবাৰে নিশা উপদ্ৰপ চলায় বন্যহস্তীয়ে ৷ এনেদৰেই নিশা হ’লেই বন বিভাগৰ লোকে হাতীৰ জাকটো সেই ঠাইৰ পৰা আঁতৰাই পঠাই যদিও পুনৰ দিনৰ ভাগত চাহ বাগিচা অঞ্চলত সোমাই ত্ৰাসৰ সৃষ্টি কৰে হাতীৰ জাকটোৱে । স্থানীয় লোকসকলে হাতীৰ জাকটোক খেদিবলৈ বাৰে বাৰে চেষ্টা চলাই যদিও ওলোটাই হাতীৰ জাকটোৱে খেদি আহে লোকসকলক ৷ ইপিনে দিনৰ ভাগত চাহ বাগিচাত আশ্ৰয় লৈ সন্ধিয়া হোৱাৰ লগে লগে গাঁওসমূহত প্ৰৱেশ কৰি খেতি পথাৰ অনিষ্ট কৰাৰ লগতে ঘৰ-বাৰী ভাঙি এক প্ৰকাৰৰ আতংকৰ সৃষ্টি কৰি আহিছে হাতীৰ জাকে । ফলত হাতীৰ উপদ্ৰৱত অতিষ্ঠ হৈ পৰা অঞ্চলবাসীয়ে অৱশেষত এইক্ষেত্ৰত চৰকাৰ তথা বন বিভাগক ব্যৱস্থা গঠন কৰিবলৈ আহ্বান জনায় ৷

গোলাঘাটত হাতী-মানুহৰ সংঘাত

ABOUT THE AUTHOR

...view details