গোলাঘাট, 9 জুন :গোলাঘাটৰ লেটেকুজান ৰজাবাৰীৰ ৰেল লাইনত অৱস্থান কৰিছে বন্যহস্তীৰ এটা বৃহৎ জাকে । আনহাতে বন্যহস্তীৰ জাকটো খেদিবলৈ হাতে হাতে জুই আৰু অন্যান্য অস্ত্ৰ লৈ ওলাই আহিছে ৰাইজ ৷
গোলাঘাটৰ লেটেকুজান ৰজাবাৰীত বন্যহস্তীৰ জাকৰ মুক্ত বিচৰণ - হস্তী-মানৱৰ সংঘাত
ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে হাতী-মানুহৰ সংঘাত ৷ শেহতীয়াকৈ গোলাঘাট জিলাৰ লেটেকুজান ৰজাবাৰীত সন্ত্ৰাস চলাইছে বন্যহস্তীৰ এটা জাকে ৷
গোলাঘাটৰ লেটেকুজান ৰজাবাৰীত বন্যহস্তীৰ জাকৰ মুক্ত বিচৰণ
বিগত দুদিন ধৰি হাতীৰ এটা বৃহৎ জাকে ৰজাবাৰী, লেটেকুজান অঞ্চলত ত্ৰাসৰ সৃষ্টি কৰি আহিছে । গাঁৱবাসীসকলে হাতীৰ জাকটোক আঁতৰাই পঠিয়াবলৈ চেষ্টা অব্যাহত ৰাখিছে । ৰাইজৰ খেদাত হাতীৰ জাকটোৱে দিক-বিদিক হেৰুৱাই বিপদজনকভাৱে ৰেললাইনত অৱস্থান কৰিছে ৷ এই সমগ্ৰ দৃশ্য বন্দী হৈছে কেমেৰাত । এবাৰ যদি ৰেল লাইন আন এবাৰ আকৌ ঘাইপথ অতিক্ৰম কৰি খাদ্যৰ সন্ধানত ঘূৰি ফুৰিছে হাতীৰ এই বৃহৎ জাকটো ।
লগতে পঢ়কঃবাঘজানৰ বিস্ফোৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া