বোকাজান, 14 জুলাই : অসম-নাগালেণ্ড সীমান্তত অব্যাহত আছে্ অৰুণাচলী সুৰাৰ ৰমৰমীয়া বেহা । শনিবাৰে সন্ধিয়া বোকাজান মহকুমা আৰক্ষী বিষয়া পদ্ম কুমাৰ পেগুৰ নেতৃত্বত এক অভিযান চলাই ১১ কাৰ্টন অৰুণাচলী সুৰা উদ্ধাৰ কৰা হয় ৷ বিক্ৰম সিং নামৰ সৰবৰাহকাৰীজনে অবৈধভাৱে AS09 D0474 নম্বৰৰ মাৰুটি গাড়ীত সুৰাখিনি ডিমাপুৰলৈ লৈ যোৱা অৱস্থাত আৰক্ষীৰ দলটোৱে কৰায়ত্ব কৰে ৷
অসম-নাগালেণ্ড সীমান্তত সুৰাৰ অবৈধ বেহাঃ বোকাজানত গ্ৰেপ্তাৰ সৰবৰাহকাৰী - আটক এজন
শনিবাৰে সন্ধিয়া বোকাজান মহকুমা আৰক্ষী বিষয়া পদ্ম কুমাৰ পেগুৰ নেতৃত্বত এক অভিযান চলাই ১১ কাৰ্টন অৰুণাচলী সুৰা উদ্ধাৰ কৰা হয় ৷ বিক্ৰম সিং নামৰ সৰবৰাহকাৰীজনে অবৈধভাৱে AS09 D0474 নম্বৰৰ মাৰুটি গাড়ীত সুৰাখিনি ডিমাপুৰলৈ লৈ যোৱা অৱস্থাত আৰক্ষীৰ দলটোৱে কৰায়ত্ব কৰে ৷
ধৃত সুৰা ব্যৱসায়ী বিক্ৰম সিং
উল্লেখ্য যে গোলাঘাটত গঢ় লৈ উঠা অৰুণাচলী সুৰাৰ ছিণ্ডিকেটৰ পৰা সুৰা ক্ৰয় কৰি বহুদিন ধৰি ডিমাপুৰত বিক্ৰী কৰি আহিছিল বিক্ৰম সিঙে । ধৃত বিক্ৰমে আৰক্ষীক দিয়া স্বীকাৰোক্তি অনুসৰি এই ব্যৱয়ায়ৰ সৈতে আন বহু কেইজন সুৰা ব্যৱসায়ী জড়িত হৈ আছে ৷