অসম

assam

ETV Bharat / state

লাভলীনা বৰগোঁহাইক সম্বৰ্ধনা ভাৰতীয় জীৱন বীমা নিগমৰ

ভাৰতীয় জীৱন বীমা নিগমৰ ৬৫ বছৰীয়া যাত্ৰা উপলক্ষ্যে ইঞ্চুৰেঞ্চ সপ্তাহ পালন কৰা হৈছে । এই বিশেষ মুহূৰ্তত ভাৰতীয় জীৱন বীমা নিগমে সম্বৰ্ধনা জ্ঞাপন কৰিছে বক্সাৰ লাভলীনা বৰগোঁহাইক । বীমা নিগমে অনুদানো আগবঢ়াইছে লাভলীনাক ।

LIC
লাভলীনা বৰগোঁহাইক সম্বৰ্ধনা ভাৰতীয় জীৱন বীমা নিগমৰ

By

Published : Sep 2, 2021, 6:24 PM IST

সৰুপথাৰ,২ ছেপ্তেম্বৰ :৬৫ বছৰত ভৰি দিলে ভাৰতীয় জীৱন বীমা নিগমে (LIC) । এই শুভক্ষণত দেশজুৰি ভাৰতীয় জীৱন বীমা নিগমে বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰিছে । অসমৰ যোৰহাট সংমণ্ডলৰ উদ্যোগতো বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে ।

শেহতীয়াকৈ টকিঅ' অলিম্পিকত (Tokyo Olympics) পদক অৰ্জন কৰা গোলাঘাটৰ জীয়ৰী বক্সাৰ লাভলীনা বৰগোঁহাইক সম্বৰ্ধনা জনাই এলআইচিৰ যোৰহাট সংমণ্ডলে । বক্সাৰ গৰাকীৰগোলাঘাট জিলাৰ বৰপথাৰস্থিত বাৰমুখীয়াৰ বাসগৃহত এই সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয় । এলআইচিৰ ৬৫ সংখ্যাক ইঞ্চুৰেঞ্চ সপ্তাহ উপলক্ষ্যে খেলুৱৈ গৰাকীক আৰু তেওঁৰ পিতৃক সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে লাভলীনালৈ ২৫ লাখ টকাৰ পুৰস্কাৰ আগবঢ়ায় ।

লাভলীনা বৰগোঁহাইক সম্বৰ্ধনা ভাৰতীয় জীৱন বীমা নিগমৰ

এই কাৰ্যসূচীত জীৱন বীমা নিগমৰ যোৰহাট সংমণ্ডলৰ জ্যেষ্ঠ প্ৰবন্ধক প্ৰকাশ মিশ্ৰা, সৰুপথাৰৰ শাখা প্ৰবন্ধক পংকজ হাজৰিকা, গোলাঘাটৰ শাখা প্ৰবন্ধক তৰুণ বৰাকে ধৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

লগতে পঢ়ক :কংগ্ৰেছ শূন্য হোৱাৰ দিশে শোণিতপুৰ জিলা !

ABOUT THE AUTHOR

...view details