সৰুপথাৰ, 21 জুলাই :অবৈধ সুৰাৰ ব্যৱসায়ৰ বিৰুদ্ধে তৎপৰ হৈছে বৰপথাৰ আৰক্ষী ৷ ইতিমধ্যে অবৈধ সুৰা বিৰুদ্ধে কেইবা ঠাইত অভিযান চলাই বৃহৎ পৰিমাণৰ সুৰা জব্দ কৰাৰ লগতে কেইবাগৰাকী লোকৰ আটক কৰিছে বৰপথাৰ আৰক্ষীয়ে ৷
বুধবাৰে বিয়লি বৰপথাৰ আৰক্ষীয়ে অবৈধ সুৰাৰ বিৰুদ্ধে এক অভিযান চলাই ৷ বৰপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত শিমলু চাপৰিত চলাই এই অভিযান ৷ অভিযানত AS-03AD-0980 নম্বৰৰ এখন চাৰিচকীয়া বাহন জব্দ কৰে ৷
অৰক্ষীৰ সূত্ৰই সদৰি কৰা মতে, বাহনখনৰ পৰা 6 কাৰ্টন সুৰা জব্দ কৰে আৰক্ষীয়ে ৷ 6 কাৰ্টনত ২৮৮ টা বিলাতী সুৰাৰ বটল আছিল বুলি জানিবলৈ দিছে আৰক্ষীয়ে ৷
বৰদপথাৰ বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ ইফালে, এই অভিযানত দুজন লোকক আটক কৰিছে আৰক্ষীয়ে ৷ আটকাধীন যুৱক দুজন ক্ৰমে বৰপথাৰ পৌৰসভাৰ নিবাসী যোগেন বৰাৰ পুত্ৰ আকাশ বৰা আৰু যোৰহাট জিলাৰ ইটাখোলাৰ মৃত পল ব্ৰাউনৰ পুত্ৰ ৰবাৰ্ট ব্ৰাউন বুলি জানিব পৰা গৈছে । বৰ্তমান সময়লৈকে সুৰা ক'ৰ পৰা কিয় অনা হৈছিল সেই সন্দৰ্ভত জানিব পৰা হোৱা নাই ৷
বৰপথাৰ আৰক্ষীয়ে বৃহৎ পৰিমাণৰ সুৰা জব্দ কৰাৰ পাচতে বিভিন্ন ধৰণে প্ৰতিক্ৰিয়া সৃষ্টি হয় বৰপথাৰবাসীৰ মাজত ৷ সৰুপথাৰৰ অন্তৰ্গত অঞ্চলত এতিয়াও চোৰাংভাৱে চুলাইৰ লগতে বিলাতী সুৰা ব্যৱসায় চলি আছে বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ গতিকে বৰপথাৰৰ ৰাইজে অবৈধ সুৰা ব্যৱসায়ৰ বিৰুদ্ধে আবকাৰী বিভাগকক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ৷
লগতে পঢ়ক: চাকৰি: ১ লাখ ৪৩ টা চৰকাৰী পদৰ তালিকা সাজু দিছপুৰত