অসম

assam

ETV Bharat / state

লখিমপুৰৰ দুই যুৱকৰ আলফাত যোগদানৰ সন্দেহ - আলফাত যোগদান

যুৱক দুজনে অৰুণাচললৈ কাম কৰিবলৈ ১৩ ডিচেম্বৰত ঘৰৰ পৰা ওলাই গৈছিল ৷ ইয়াৰ পাছৰে পৰা সন্ধানহীন(Lakhimpur boy missing) হৈ আছে যুৱকদ্বয় ৷ এনে সময়তে একাংশ সংবাদ মাধ্যমত যুৱকদ্বয়ে আলফাত যোগদান কৰাৰ বাতৰি প্ৰকাশ পাইছে ৷ পৰেশ বৰুৱাক স্পষ্টীকৰণ দিয়াৰ আহ্বান পৰিয়ালৰ লোকৰ ।

lakhimpur-two-boys-allegedly-joined-ulfa
লখিমপুৰৰ দুই যুৱকৰ আলফাত যোগদানৰ সন্দেহ

By

Published : Dec 17, 2021, 9:06 PM IST

লখিমপুৰ, ১৭ ডিচেম্বৰ :লখিমপুৰৰ দুজন যুৱকে আলফাত যোগদান কৰাৰ বাতৰিয়ে জিলাখনত তুমুল প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । যুৱকদ্বয়ে অৰুণাচললৈ কাম কৰিবলৈ বুলি ওলাই গৈ আলফাত যোগদান কৰা বুলি গুজৱ ওলাইছে । যুৱক দুজন লখিমপুৰৰ থেকেৰাগুৰিৰ মিন্টু শইকীয়া আৰু গুদু শইকীয়া বুলি জানিব পৰা হৈছে । মিন্টু ওৰফে জয়ন্ত শইকীয়া আৰু পৱন ওৰফে গুদু শইকীয়াই ১৩ ডিচেম্বৰত অৰুণাচললৈ বুলি ওলাই গৈ বৰ্তমান পৰ্যন্ত সন্ধানহীন হৈ আছে ।

যুৱকদ্বয়ৰ মোবাইল ফোনো চুইছ অফ হৈ আছে ৷ তেওঁলোকে উক্ত দিনা পুৱা ৯.৪১ বজাত জ্যেষ্ঠ ভাতৃৰ সৈতে আৰু দিনৰ ১২.৪০ বজাত মাতৃৰ সৈতে শেষবাৰলৈ ফোনত যোগাযোগ কৰিছিল ৷ ইয়াৰ পাছৰে পৰা তেওঁলোক সন্ধানহীন(Lakhimpur boy missing) হৈ আছে আৰু তেওঁলোকৰ মোবাইল ফোনো চুইছ অফ হৈ আছে ৷ তেতিয়াৰ পৰা দুঃচিন্তাত দিন কটাইছে পৰিয়াল দুটাই । এনে এক শোকাকুল তথা উৎকন্ঠাময় পৰিবেশ বিৰাজ কৰাৰ সময়তে যুৱকদ্বয়ে আলফাত যোগদান কৰা বুলি একাংশ সংবাদ মাধ্যমে বাতৰি প্ৰকাশ কৰিছে ।

লখিমপুৰৰ দুই যুৱকৰ আলফাত যোগদানৰ সন্দেহ

কেৱল এই দুই যুৱকেই নহয়, এসপ্তাহৰ ভিতৰত ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা ১২ জনকৈ যুৱকে আলফালৈ ঢাপলি মেলা বুলি প্ৰচাৰ চলিছে । উল্লেখ্য যে, যুৱকদ্বয়ে ছ’চিয়েল মিডিয়াত আলফা স্বাধীনক সমৰ্থন কৰি আহিছিল আৰু নামৰ পিছত আলফাৰ দৰে লগাই লৈছিল অসম উপাধি । যাৰ বাবে তেওঁলোক আলফালৈ যোৱাৰ সন্দেহ ঘনীভূত হৈছে । সম্প্ৰতি পৰিয়াল দুটাৰ মাজত বিৰাজ কৰিছে উৎকন্ঠাময় পৰিস্থিতিয়ে ৷

যদি আলফাত যোগদান কৰিছে তেন্তে পৰেশ বৰুৱা(ULFA Chief Paresh Baruah)ক স্পষ্টীকৰণ দিয়াৰ আহ্বান জনাইছে পৰিয়ালৰ লোকে । পৰিয়ালৰ লোকে এতিয়াও মানি লোৱা নাই তেওঁলোকৰ আলফাত যোগদান(Allegedly Joined to ULFA)ৰ খবৰ । যুৱক দুজনক ঘূৰাই দিবলৈ পৰেশ বৰুৱাক কাতৰ আহ্বান জনাইছে তেওঁলোকৰ মাতৃয়ে ।

লগতে পঢ়ক :SBI ৰ ১৬৯ কোটি লৈ পলাই গ’ল নায়ক

ABOUT THE AUTHOR

...view details