অসম

assam

ETV Bharat / state

"চিত্ৰলেখ বয়ন শিল্প" বিধায়ক মৃণাল শইকীয়াৰ প্ৰচেষ্টাত স্বাৱলম্বী 30 গৰাকী বোৱাৰী - Golaghat

খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াৰ উদ্যোগত পুনৰ প্ৰাণপাই উঠিছে ৫০ বছৰীয়া ইতিহাস সমৃদ্ধ এটি বয়ন শিল্প ।

বয়ন শিল্পৰ উত্তৰণত খুমটাই বিধায়কৰ বিশেষ উদ্যোগ

By

Published : Aug 10, 2019, 5:31 PM IST

খুমটাই,10 আগষ্টঃ খুমটাইৰ মেলামৰাৰ স্থানীয় প্ৰায় 30 গৰাকী বোৱাৰী আগবাঢ়ি আহি চিত্ৰলেখা বয়ন শিল্প নামেৰে আৰম্ভ কৰিছে উন্নত পদ্ধতিৰে কাপোৰ বোৱাৰ ব্যৱস্থা । বিধায়ক মৃণাল শইকীয়াৰ সম্পূৰ্ণ সহযোগিতাত জহি-খহি যোৱা তাঁত গৃহটি পুনৰ মেৰামতি কৰি মহিলা সকলে আৰম্ভ কৰিছে উৰামাকো তাতশালত কাপোৰ বোৱা । যি সময়ত একাংশ মহিলা, বোৱাৰী, যুৱতীসকলে হাতত মোবাইল লৈ সম্পূৰ্ণ দিন মোবাইলতেই ব্যস্ত হৈ থকাৰ সময়তে মেলামৰাৰ এই 30গৰাকী মহিলাৰ কৰ্ম নিদৰ্শনৰ যোগেদি স্বাৱলম্বীতা অৰ্জনৰ কৌশল নিশ্চিতভাৱে প্ৰশংসনীয় । স্থানীয় বিধায়ক গৰাকীৰ লগতে গোলাঘাট জিলাৰ হস্ততাত বস্ত্ৰ শিল্প বিভাগে সম্পূৰ্ণ সহযোগিতা প্ৰদান কৰিছে চিএলেখা বয়ন শিল্পৰ মহিলা সকলক । এই স্থানত আৰু ৩০ খন উন্নত তাতশাল প্ৰদান কৰি মহিলা সৱলীকৰণৰ আঁচনি অধিক ফলপ্ৰসু পৰিগণিত হ'ব বুলি মতপোষণ কৰে বিধায়ক মৃণাল শইকীয়াই ।

বয়ন শিল্পৰ উত্তৰণত খুমটাই বিধায়কৰ বিশেষ উদ্যোগ

ABOUT THE AUTHOR

...view details