অসম

assam

ETV Bharat / state

অখিল গগৈৰ মুক্তিৰ দাবীত খুমটাইত মানৱ শৃংখল - খুমটাইৰ শাঁওতলী নতুনমাটি

প্ৰতিবাদকাৰীৰ অভিযোগ, ভুৱা গোচৰত আজিপৰ্য্যন্ত কৃষক নেতা অখিল গগৈক কাৰাবন্দী কৰি ৰাখিছে বৰ্তমানৰ চৰকাৰখনে । নেতা গৰাকীক বিনাচৰ্তে মুকলি কৰি দিবলৈ আৰু জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত চৰকাৰ বিৰোধী বিভিন্ন শ্ল'গানেৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী ।

Khumtai kmss protest
Khumtai kmss protest

By

Published : Jul 28, 2020, 8:28 PM IST

Updated : Jul 28, 2020, 9:24 PM IST

খুমটাই, 28 জুলাইঃ খুমটাইৰ শাঁওতলী নতুনমাটিত মঙলবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ ৷ কৃষক নেতা অখিল গগৈক বিনাচৰ্তে মুক্তিৰ দাবীত আৰু জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন 2019 বাতিলৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিৰ খুমটাই আঞ্চলিক সমিতিয়ে মানৱ শৃংখল কাৰ্যসূচী ৰূপায়নৰ জৰিয়তে প্ৰতিবাদ সাব্যস্ত কৰে ৷ সংগঠনটোৱে অসম চৰকাৰ গ’ বেক, সৰ্বানন্দ সোণোৱাল হুছিয়াৰ, অখিল গগৈক মুক্তি দিয়ক , কা আমি নামানো আদি শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷ উল্লেখ্য যে সংগঠনটোৱে উল্লেখ কৰে যে অখিল গগৈক চৰকাৰে ভয় কৰে বাবেই ভুৱা গোচৰত আজিপৰ্যন্ত কাৰাবন্দী কৰি ৰাখিছে ৷ অতি শীঘ্ৰে যদি কৃষক নেতাগৰাকীক বিনাচৰ্তে মুক্তি নিদিয়ে তেতিয়া অনাগত দিনত সংগঠনকেইটাই সমগ্ৰ ৰাজ্যতে জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে ৷

অখিল গগৈৰ মুক্তিৰ দাবীত খুমটাইত মানৱ শৃংখল

উল্লেখ্য যে,নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী আন্দোলনৰ অন্যতম নেতা অখিল গগৈক প্ৰায় ছমাহৰ পূৰ্বে বিভিন্ন গোচৰত গ্ৰেপ্তাৰ কৰাৰ পাচতে মাওবাদীৰে সম্পৰ্ক থকাৰ অভিযোগ তুলি ‘নিয়া’ই গ্ৰেপ্তাৰ কৰিছিল ৷ গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত কাৰাৰুদ্ধ হৈ থকা সময়ত কৃষক নেতাগৰাকী কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈ অসুস্থ হৈ পৰে ৷ এই খবৰ বিয়পি পৰাৰ লগে লগে অখিল গগৈৰ মুক্তিৰ দাবীত সমগ্ৰ অসমতে তীব্ৰ প্ৰতিবাদ গঢ়ি উঠে ৷

লগতে পঢ়কঃগোলাঘাটত কৰ'ণাত আক্ৰান্ত হ'লেই কাৰাবন্দীয়ে আনন্দ কৰে কিয় ?

Last Updated : Jul 28, 2020, 9:24 PM IST

ABOUT THE AUTHOR

...view details