অসম

assam

By

Published : Feb 23, 2020, 5:30 PM IST

ETV Bharat / state

‘অসম দৰ্শন’ আঁচনিত অন্তৰ্ভুক্ত গোলাঘাটৰ ‘চিনাতলি বৰ নামঘৰ’

ধৰ্মীয় অথবা দাতব্য ৰাজহুৱা প্ৰতিষ্ঠানৰ অসম ৰাজ্যিক ভূমি অধিগ্ৰহণ আইনৰ অধীনত, অসম চৰকাৰৰ উদ্যোগত ‘অসম দৰ্শন’ আঁচনিত অন্তৰ্ভুক্ত হৈছে ঐতিহাসিক চিনাতলি বৰ নামঘৰ ।

Khumtai Chinatoli Bornamghar include in Asom Darshan Scheme
অসম চৰকাৰৰ ‘অসম দৰ্শন’ আঁচনিত অন্তৰ্ভুক্ত ঐতিহাসিক ‘চিনাতলি বৰ নামঘৰ’

খুমটাই, 23 ফেব্ৰুৱাৰীঃ খুমটাইৰ ঐতিহাসিক চিনাতলি বৰ নামঘৰে ইতিমধ্যে 200 বছৰ অতিক্ৰম কৰি ভৰি দিছে 208 বছৰত । অসম ৰাজ্যিক ভূমি অধিগ্ৰহণ আইন 1959ৰ অধিগ্ৰহণ কৰা ভূমিৰ বাবদ ধৰ্মীয় অনুষ্ঠান প্ৰতিষ্ঠানলৈ বাৰ্ষিক অনুদান আঁচনিত অন্তৰ্ভূক্ত হৈছে এই ঐতিহাসিক চিনাতলি বৰ নামঘৰ ।

যাৰ বাবে ২৪ ফেব্ৰুৱাৰীত খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ত অনানুষ্ঠানিকভাবে আৰ্থিক অনুদান প্ৰদান কৰিব অসম চৰকাৰে । ইতিমধ্যে 700 ঘৰীয়া ৰাইজৰ মূল উপাসনাস্থলীৰ সমূহ অংশীদাৰী ৰাইজে এই পদক্ষেপক অসম চৰকাৰৰ লগতে খুমটাইৰ বিধায়ক মৃনাল শইকীয়াক ধন্যবাদ জানাইছে ।

চিনাতলি বৰ নামঘৰ

এই আঁচনিৰ জৰিয়তে ঐতিহাসিক চিনাতলি বৰ নামঘৰ অধিক জিলিকাই তোলাৰ ক্ষেত্ৰত গতিশীলতা প্ৰদান কৰিব বুলি ব্যক্ত কৰিছে স্থানীয় ৰাইজৰ লগতে পৰিচালনা সমিতিয়ে ।

ABOUT THE AUTHOR

...view details