অসম

assam

ETV Bharat / state

Kargil Vijay Diwas 2022: খুমটাইত ২৩ সংখ্যক কাৰ্গিল বিজয় দিৱস উদযাপন - Kargil Vijay Diwas 2022

প্ৰতিবছৰে ২৬ জুলাইৰ দিনটো দেশজুৰি কাৰ্গিল বিজয় দিৱস হিচাপে পালন কৰা হয় (Kargil Vijay Diwas in India)। এই দিনটোতে ভাৰতীয় সেনাই শত্ৰু ৰাষ্ট্ৰ পাকিস্তানৰ সেনাৰ বিৰুদ্ধে "অপাৰেচন বিজয়"ৰ সফল সমাপ্তি ঘোষণা কৰিছিল । এই যুদ্ধতেই প্ৰাণ হেৰুৱাইছিল বীৰ শ্বহীদ কেপ্টেইন জিন্টু গগৈয়ে । সমগ্ৰ দেশৰ লগতে খুমটাইতো পালন কৰা হৈছে কাৰ্গিল বিজয় দিৱস ।

kargil vijay diwas celebrated at khumtai
Kargil Vijay Diwas 2022: খুমটাইত ২৩ সংখ্যক কাৰ্গিল বিজয় দিৱস উদযাপন

By

Published : Jul 26, 2022, 2:23 PM IST

গোলাঘাট,২৬ জুলাই: কাৰ্গিল যুদ্ধৰ ২৩ টা বছৰ(Kargil Vijay Diwas 2022) । দেশে পালন কৰিছে ২৩ সংখ্যক কাৰ্গিল বিজয় দিৱস(Kargil Vijay Diwas in India) । সমগ্ৰ ভাৰতবাসীৰ লগতে খুমটাইতো বিশেষভাৱে পালন কৰা হৈছে কাৰ্গিল বিজয় দিৱসৰ । বীৰ শ্বহীদ কেপ্টেইন জিন্টু গগৈৰ সমাধি ক্ষেত্ৰত জাচিংফা লেখিকা সমাৰোহ সমিতি আৰু সচেতকৰ উদ্যোগত ৰাইজৰ সহযোগত দিনযোৰা কাৰ্যসূচীৰে পালন কৰা হয় ২৩ সংখ্যক কাৰ্গিল বিজয় দিৱস(Remembering martyred captain Jintu Gogoi on Kargal Vijay Diwas) ।

১৯৯৯ চনৰ আজিৰ দিনটোতেই ভাৰতীয় সৈন্যই চিৰ বৈৰী পাকিস্তানৰ সৈন্যৰে দুমাহ যোৰা যুদ্ধৰ অন্তত পাকিস্তানক পৰাস্ত কৰি কাৰ্গিলৰ উচ্চ শিখৰত বিজয় ধ্বজা উৰুৱাইছিল । সেই কাৰ্গিল যুদ্ধত যি সকল সাহসী সৈনিকে দেশ মাতৃৰ বাবে প্ৰাণ বিসৰ্জন দিছিল সেই সকল বীৰক জোৱানক স্মৰণ কৰিবৰ বাবে এই কাৰ্গিল বিজয় দিৱস উদযাপন কৰি আহিছে । মঙলবাৰে বীৰ শ্বহীদ গৰাকীৰ খুমটাইস্থিত সমাধিক্ষেত্ৰত আয়োজিত এই অনুষ্ঠানত উপস্থিত থাকে গোলাঘাটৰ উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱা, খুমটাইৰ বিধায়ক মৃনাল শ‌ইকীয়াৰ লগতে বহু গণ্যমান্য লোক ।

Kargil Vijay Diwas 2022: খুমটাইত ২৩ সংখ্যক কাৰ্গিল বিজয় দিৱস উদযাপন

এই অনুষ্ঠানতেই সংবাদ মাধ্যমৰ আগত লাভলীনাৰ টুইট সন্দৰ্ভত মন্তব্য বিধায়ক মৃনাল শ‌ইকীয়াৰ । আজিকালি খেলতো ৰাজনীতি চলে আৰু লাভলীনা তেনে এক ৰাজনীতি আৰু ষড়যন্ত্ৰৰ বলি হৈছে বুলি প্ৰকাশ কৰে বিধায়কগৰাকীয়ে । ইপিনে প্ৰতিবাৰেই কাৰ্গিল বিজয় দিৱস উদযাপনত গোলাঘাট জিলা প্ৰশাসনে সহযোগ কৰাৰ নামত কেৱল উপায়ুক্তগৰাকীহে উপস্থিত থাকে । নিজাববীয়াকৈ প্ৰশাসনে বিষয়টোত মনোনিবেশ নকৰাক লৈ স্পষ্টীকৰণ গোলাঘাটৰ উপায়ুক্ত গৰাকীৰ । অহাবাৰৰ পৰা প্ৰশাসনে ল'ব কাৰ্গিল বিজয় দিৱসৰ দ্বায়িত্ব । অনুষ্ঠানতেই শ্বহীদ জিন্টু গগৈৰ পিতৃৰ নামত এখন অভিনন্দন গ্ৰন্থ‌ও প্ৰকাশ কৰে জাচিংফা লেখিকা সমাৰোহে ।

লগতে পঢ়ক:Kargil Vijay Diwas 2022: দেশজুৰি পালন কাৰ্গিল বিজয় দিৱস

ABOUT THE AUTHOR

...view details