অসম

assam

ETV Bharat / state

Golaghat Agri Scam Update: গোলাঘাট কৃষি বিভাগত লাগিছে হৈ-চৈ, কোন কোন বিষয়া পৰিব জালত ? - কৃষি সম্প্ৰসাৰণ সহায়ক হৰেন শ‌‌ইকীয়া

বৃহস্পতিবাৰে নিশা গোলাঘাটত উপস্থিত হ'ল ৰাজ্যৰ কৃষি বিভাগৰ অতিৰিক্ত মুখ্য সচিব তেজপ্ৰসাদ ভোষালৰ নেতৃত্বত এজনীয়া তদন্তকাৰী দল । অভিযোগকাৰী কৃষক বিনোদ গগৈ আৰু বিধায়ক মৃনাল শ‌‌ইকীয়াক সোধ-পোচ কৰাৰ লগতে সমগ্ৰ কেলেংকাৰীত নাম সাঙুৰ খোৱা শেনচোৱা চক্ৰৰ দ্বায়িত্ববাহী কৃষি সম্প্ৰসাৰণ সহায়ক হৰেন শ‌‌ইকীয়া, জিলা কৃষি বিষয়া ৰঞ্জিত শৰ্মা, এগমাৰ্কৰ মহকুমা কৃষি বিষয়া ৰঞ্জন বৰুৱাক পৃথকে পৃথকে তদন্তকাৰী বিষয়াই চলাইছে জেৰা ৷

Golaghat Agri Scam Update
গোলাঘাট কৃষি বিভাগত লাগিছে হৈ-চৈ

By

Published : Dec 17, 2022, 8:07 PM IST

গোলাঘাট কৃষি বিভাগত লাগিছে হৈ-চৈ

গোলাঘাট, 17 ডিচেম্বৰ: খুমটাইৰ বিধায়ক মৃণাল শ‌‌ইকীয়াৰ(MLA Mrinal Saikia) অভিযোগৰ পাছত গোলাঘাট কৃষি বিভাগত লাগিছে হৈ-চৈ ৷ কৃষিমন্ত্ৰী অতুল বৰাক(Minister Atul Bora) চেলেঞ্জ কৰি বিধায়ক মৃণাল শইকীয়া আৰু কৃষকৰ সংবাদমেলৰ পাছতেই গোলাঘাটত উপস্থিত হৈছে তদন্তকাৰী দল ৷ ইয়াৰ পিছতেই এতিয়া অভিযুক্ত বিষয়া-কৰ্মচাৰীৰ মাজত লাগিছে হাহাকাৰ ৷

উল্লেখ্য যে, মঙলবাৰে গোলাঘাটৰ কৃষি বিভাগৰ কাৰ্যালয়ত(Golaghat agriculture office) খুমটাইৰ বিধায়ক মৃণাল শ‌‌ইকীয়াৰ চাডেন ভিজিটে উদঙাইছিল কৃষি বিভাগৰ কাৰ্যালয়ৰ প্ৰকৃত স্বৰূপ । তাৰ পিছতেই বিভাগটোৰ বিষয়াক ৰক্ষণাৱেক্ষণ দিয়া কৃষিমন্ত্ৰী অতুল বৰাৰ বিৰুদ্ধে বুধবাৰে ভুক্তভোগী কৃষকক লগত লৈ পুনৰ বিধায়ক মৃণাল শ‌‌ইকীয়াই সম্বোধন কৰে সংবাদমেল ৷ সংবাদমেলত বিধায়কগৰাকীয়ে একাদিক্ৰমে উদঙাই গৈছিল কৃষি বিভাগৰ প্ৰতিটো কেলেংকাৰী ।

তাৰ পিছতেই যেন তৎপৰ হ'ল মন্ত্ৰী অতুল বৰাৰ কৃষি বিভাগ । বৃহস্পতিবাৰে নিশা গোলাঘাটত উপস্থিত হ'ল ৰাজ্যৰ কৃষি বিভাগৰ অতিৰিক্ত মুখ্য সচিব তেজপ্ৰসাদ ভোষালৰ নেতৃত্বত এজনীয়া তদন্তকাৰী দল । অভিযোগকাৰী কৃষক বিনোদ গগৈ আৰু বিধায়ক মৃনাল শ‌‌ইকীয়াক সোধ-পোচ কৰাৰ লগতে সমগ্ৰ কেলেংকাৰীত নাম সাঙুৰ খোৱা শেনচোৱা চক্ৰৰ দ্বায়িত্ববাহী কৃষি সম্প্ৰসাৰণ সহায়ক হৰেন শ‌‌ইকীয়া, জিলা কৃষি বিষয়া ৰঞ্জিত শৰ্মা, এগমাৰ্কৰ মহকুমা কৃষি বিষয়া ৰঞ্জন বৰুৱাক পৃথকে পৃথকে তদন্তকাৰী বিষয়াই চলাইছে জেৰা(Investigation of Golaghat agri scam) ।

উল্লেখ্য যে, সমগ্ৰ কেলেংকাৰীত নাম উচ্চাৰণ হোৱা উদ্যানশস্য বিভাগৰ ন'ডেল অফিচাৰ মৃদুল শৰ্মাৰ বিৰুদ্ধেও চলিব তদন্ত । ইতিমধ্যে মৃদুল শৰ্মাৰ বিৰুদ্ধে নানা অভিযোগ পোৱা বুলিও নিজমুখে স্বীকাৰ কৰে জিলা কৃষি বিষয়া গৰাকীয়ে ।

ইপিনে, সংবাদ মাধ্যমৰ কেমেৰা দেখি মূৰৰ ওপৰত সৰগ ভাগি পৰিল বিতৰ্কিত হৰেন শ‌‌ইকীয়া আৰু মৃদুল শৰ্মাৰ । আনহাতে, গোলাঘাটৰ উপায়ুক্তৰ লগতে সমগ্ৰ বিষয়টোত জড়িত সমূহ কৰ্মচাৰীক সোধ-পোচ চলাই তদন্তকাৰী দলটোৱে অব্যাহত ৰাখিছে তদন্ত প্ৰক্ৰিয়া । যিকোনো প্ৰকাৰে সমগ্ৰ তদন্ত প্ৰক্ৰিয়া নিৰপেক্ষভাৱে চলাই নিব বুলিও মন্তব্য তদন্তকাৰী বিষয়া তেজপ্ৰসাদ ভোষালৰ ।

লগতে পঢ়ক:Assam Agri-Horti Show 2022: খানাপাৰাত আৰম্ভ হ'ল সপ্তম অসম আন্তৰ্জাতিক কৃষি উদ্যানশস্য মেলা

ABOUT THE AUTHOR

...view details