অসম

assam

By

Published : Nov 23, 2019, 8:48 PM IST

ETV Bharat / state

গোলাঘাটত জব্দ তিনিখন সুৰাভৰ্তি ট্ৰাক

সুৰামুক্ত ৰাজ্য নাগালেণ্ডক কেন্দ্ৰ কৰি অব্যাহত আছে অৰুণাচলী সুৰাৰ বৃহৎ চোৰাং বজাৰ । 39 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে নাগালেণ্ডলৈ চোৰাংকৈ সৰবৰাহ হয় অৰুণাচলী সুৰা ৷

গোলাঘাটত জব্দ তিনিখন সুৰাভৰ্তি ট্ৰাক

গোলাঘাট, 23 নৱেম্বৰঃপেৰা মিলিটেৰীৰ নামত অৰুণাচলী সুৰাৰ ৰমৰমীয়া ব্যৱসায় চলি থকাৰ অভিযোগ। গোলাঘাট আবকাৰী বিভাগে জব্দ কৰা 50 লাখ টকাৰ তিনিখন সুৰাভৰ্তি ট্ৰাকে পুনৰ পোহৰলৈ আনিলে এই ভয়াৱহ তথ্য। সুৰামুক্ত ৰাজ্য নাগালেণ্ডৰ পাৰা মিলিটেৰীৰ নামত চলে অৰুণাচলী সুৰাৰ অবৈধ ব্যৱসায়।

গোলাঘাটত জব্দ তিনিখন সুৰাভৰ্তি ট্ৰাক

সুৰামুক্ত ৰাজ্য নাগালেণ্ডক কেন্দ্ৰ কৰি অব্যাহত আছে অৰুণাচলী সুৰাৰ বৃহৎ চোৰাং বজাৰ । 39 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে নাগালেণ্ডলৈ চোৰাংকৈ সৰবৰাহ হয় অৰুণাচলী সুৰা। গোলাঘাট আবকাৰী বিভাগে 21 নৱেম্বৰৰ নিশা জব্দ কৰা তিনিখন ট্ৰাকে পুনৰ পোহৰলৈ আনিছে চোৰাং ব্যৱসায়ৰ তথ্য ।

উল্লেখ্য যে,গোলাঘাট আবকাৰী বিভাগে জব্দ কৰা সুৰাৰ ট্ৰাক তিনিখনত থকা সুৰাৰ নথি-পত্ৰ আৰু সুৰাৰ কাৰ্টনৰ তথ্যৰ লগত কোনো মিল নাই । যাৰ বাবে আবকাৰী বিভাগে জব্দ কৰে সুৰা ভৰ্তি ট্ৰাক কেইখন ৷ সুৰাৰ বটল সমূহ 19 নবেম্বৰত কাৰখানাত প্ৰস্তুত কৰা বুলি উল্লেখ আছে। সেই হিচাপত 50 লাখ টকাৰ সুৰা প্ৰস্তুত কৰা পাঁচদিন হৈছে । তেনে ক্ষেত্ৰত কেনেদৰে সুৰা প্ৰস্তুত কৰা কাৰখানা অৰুণাচলৰ নাহৰ লগুনৰ পৰা সুৰাৰ ট্ৰাক কেইখন 21 নৱেম্বৰত আহি পালে সেয়া সন্দেহৰ আৱৰ্তত ৷

লগতে চাওকঃমহিলাৰ শ্লীনতা হানিৰ চেষ্টাঃ আৰক্ষী অধীক্ষকৰ ওচৰত গোচৰ ৰুজু মহিলা সমিতিৰ

ABOUT THE AUTHOR

...view details