দেৰগাঁও, 12 নবেম্বৰ :এখন ফাৰ্মাচী, কিন্তু ফাৰ্মাচীৰ ভিতৰত চলে ড্ৰাগছৰ অবাধ বেহা । আকৌ দ্বিতীয়বাৰৰ বাবে ড্ৰাগছৰ বেহা চলাই ৰঙাঘৰলৈ গ'ল দেৰগাঁও ময়ংক মেডিকেলৰ স্বতাধিকাৰী কুখ্যাত দীপ চোমানী । মঙলবাৰে নিশা এখন গাড়ীৰে বৃহৎ পৰিমানৰ ড্ৰাগছ সৰবৰাহ কৰোতেই আৰক্ষীৰ জালত পৰিছিল এইজন দীপ চোমানী । পিছে এইবাৰেই প্ৰথম নহয়, ইয়াৰ পূৰ্বেও ফাৰ্মাচীখনত ড্ৰাগছৰ অবাধ বেহা চলাই ৰঙাঘৰৰ ভাত খাইছিল এইজন ব্যক্তিয়ে ।
পিছে কুকুৰৰ নেজ চিধা নোহোৱাৰ দৰেই স্বভাৱ সলনি নহ'ল দীপ চোমানীৰ । জেলৰ পৰা ওলাইয়েই আকৌ ' ময়ংক ফাৰ্মাচি'ত আৰম্ভ কৰিলে ড্ৰাগছৰ বেহা । ড্ৰাগছ সৰবৰাহৰ অভিযোগত আজি দ্বিতীয় বাৰৰ বাবে দেৰগাঁও আৰক্ষীয়ে জেল হাজোতলৈ প্ৰেৰণ কৰে এই জন কুখ্যাত দীপ চোমানীক । পিছে জেললৈ যোৱাৰ পৰত সাংবাদ মাধ্যমৰ কেমেৰা দেখি নিজকে ধোৱা তুলশীৰ পাত সজাবলৈ চেষ্টা কৰিলে এই জন কুখ্যাত ড্ৰাগছ বেপাৰীয়ে ।