অসম

assam

ETV Bharat / state

ক’ত উদ্ধাৰ হ’ল বাণ্ডিলে বাণ্ডিলে টকা ! - গোলাঘাট আৰক্ষী অধীক্ষক

আৰক্ষীৰ অভিযানত উদ্ধাৰ নগদ ধনৰ টোপোলা ৷ বাণ্ডিলে বাণ্ডিলে উদ্ধাৰ হোৱা টকা দেখি কঠোৰ তদন্ত আৰক্ষীৰ ৷ সান্ধ্য আইনৰ সুযোগ লৈছে এচাম দুৰ্বৃত্তই ৷ ৰাজ্যৰ ক’ত, কেনেদৰে ওলাল এই টকাৰ বাণ্ডিল ?

ক’ত উদ্ধাৰ হ’ল বান্দিলে বান্দিলে ধন
ক’ত উদ্ধাৰ হ’ল বান্দিলে বান্দিলে ধন

By

Published : Jul 10, 2021, 3:33 PM IST

Updated : Jul 10, 2021, 4:38 PM IST

গোলাঘাট, 10 জুলাই :গোলাঘাট নগৰৰ মাজমজিয়াস্থিত টোকানী চাৰ্কোলত বৃহস্পতিবাৰে নিশা আৰক্ষীয়ে বৃহৎ পৰিমাণৰ ধন জব্দ কৰে । সান্ধ্য আইন (Night Curfew) চলি থকা সময়ত অনাহকত ওলাই অহা লোকৰ বিৰুদ্ধে গোলাঘাট আৰক্ষী (Golaghat Police)য়ে অভিযান চলাই থকা সময়তে এখন ইন’ভা ক্ৰিষ্টা (INNOVA CRYSTA) বাহনৰ পৰা এই ধনখিনি জব্দ কৰা হয় ৷ এটা ফলমূলৰ কাৰ্টনৰ ভিতৰত লুকুৱাই অনা অৱস্থাত উদ্ধাৰ কৰা হয় ধনখিনি । ধনখিনি কঢ়িয়াই অনা ইন’ভা ক্ৰিষ্টা (INNOVA CRYSTA) বাহনখনৰ পঞ্জীয়ন নম্বৰ AS 01 EM 8249 ৷

ক’ত উদ্ধাৰ হ’ল বাণ্ডিলে বাণ্ডিলে টকা

বাহনখনত তিনিজন লোকে কৌশলগতভাৱে ফলমূলৰ কাৰ্টনৰ ভিতৰত লুকুৱাই আনোতে গোলাঘাট আৰক্ষী অধীক্ষক (Superintendent of Police) আৰু অতিৰিক্ত আৰক্ষী অধীক্ষকে (Additional Superintendent of Police) তালাচী চলাই ধনসমূহ জব্দ কৰে ৷ গোলাঘাট আৰক্ষী (Golaghat Police)য়ে বাহনখনত অহা তিনিজন লোককো আটক কৰে । বাহনখনৰ চালকৰ ভাষ্য অনুসৰি ধনসমূহ কাৰ্বি আংলং (Karbi Anglong) ৰ চিলনীজানৰ বীৰ সিং নামৰ এজন ব্যক্তিৰ ৷

গোলাঘাট আৰক্ষী (Golaghat Police)য়ে বৰ্তমান পৰ্যন্ত ধনখিনিৰ সঠিক তথ্য লাভ কৰা নাই । আৰক্ষীৰ পৰৱৰ্তী অনুসন্ধানতহে ধনখিনিৰ পৰিমাণ আৰু সৰবৰাহৰ মূল কাৰণ নিশ্চিত হৈ পৰিব বুলি আশা কৰা হৈছে । ঘটনা সন্দৰ্ভত অব্যাহত আছে তদন্ত ৷

লগতে পঢ়ক :চুলাই মদৰ ভাটি থকা অঞ্চলত বাঢ়িছে ক’ভিডৰ সংক্ৰমণ; কোনে ক’লে ?

Last Updated : Jul 10, 2021, 4:38 PM IST

ABOUT THE AUTHOR

...view details