গোলাঘাট, 18 জুলাই: শুকুৰবাৰে নিশা এগৰাকী প্ৰসূতিৰ মৃত্যুক কেন্দ্ৰ কৰি গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ৷ মহিলাগৰাকীৰ পৰিয়ালৰ লোকে অভিযোগ কৰা অনুসৰি COVID পজিটিভ হোৱাৰ সন্দেহতে চিকিৎসক, নাৰ্চে চিকিৎসা নকৰিলে মহিলাগৰাকীৰ ৷ পেটৰ বিষ আৰু শ্বাস-প্ৰশ্বাস লোৱাত অসুবিধা হোৱা মহিলা গৰাকীয়ে এটা বেজী দিয়াৰ পাচতে সাৱটি লয় মৃত্যুক ৷ কিন্তু এই কথা একেমুখে নস্যাৎ কৰে চিকিৎসালয় কৰ্তৃপক্ষই ৷
জানিব পৰা মতে, পেটৰ বিষ আৰু শ্বাস-প্ৰশ্বাসজনিত সমস্যাত ভুগি থকা শেৱালি দত্ত নামৰ মহিলগৰাকীক নিশা প্ৰায় 8 বজাত লৈ অহা হৈছিল অসামৰিক চিকিৎসালয় খনলৈ ৷ কিন্তু মহিলাগৰাকী COVID ত আক্ৰান্ত হোৱাৰ সন্দেহত বহু সময় তেওঁক চিকিৎসা প্ৰদানৰ পৰা বিৰত থাকে চিকিৎসালয় কৰ্তৃপক্ষ ৷ যাৰ বাবে বহুপৰ কোনো চিকিৎসা লাভ নকৰাৰ ফলত মৃত্যুক সাৱটি লয় মহিলাগৰাকীয়ে ৷ এই অভিযোগ উত্থাপন কৰিছে মহিলাগৰাকীৰ পৰিয়ালৰ লোকে ৷