সৰুপথাৰ , 24 জুলাই:সমগ্ৰ বিশ্বত বিজ্ঞানে জয়যাত্ৰা অব্যাহত ৰখাৰ সময়তে ধনশিৰি মহকুমাৰ সীমান্তত এতিয়া এটা অঞ্চল অন্ধ বিশ্বাসৰ কৱলত পৰাত তীব্ৰ চাঞ্চল্য সৃষ্টি হৈছে | ঘটনাটো চুঙাজান এম.ভি চাৰি আলিৰ গোপাল বৰাৰ ঘৰত ৷ বহু দিনৰ পৰা তেওঁ ঘৰত ভূতে হেনো দলিয়াই, ফৰমুটিয়াই পৰিয়ালটোক হাৰাশাস্তি কৰি আহিছে | যাৰ ফলত পৰিয়ালটোৱে ভূত খেদিবৰ বাবে বেজৰ সহায় লয় ৷
ভূত ওলাইছে গোলাঘাটৰ ধনশিৰিত!! - ghost
সৌ সিদিনা অন্ধবিশ্বাসৰ কবলত পৰি এটা শিশুক বলি দিবলৈ লোৱাৰ দৰে ঘটনা সংঘটিত হোৱাৰ পাচত ঘটনাটোৱে সমগ্ৰ ৰাজ্য জোকাৰি যোৱাৰ পাচতো অঞ্চলটোৰ ৰাইজে শিক্ষা কোনো নোলোৱাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে |
ভূতে দলিয়াইছে শিল!
ইয়াৰপাচতে বেজৰ দলটোয়ে ঘোষণা কৰে যে তেওঁলোকে ভূতক ধৰি ৰাইজৰ সন্মূখত থিয় কৰাব৷ আৰু সেই মতে বেজে পৰিয়ালৰ সকলোকে চোতালত শুৱলৈ কৈ মন্ত-পাঠ কৰি পূজা অৰ্চনা কৰে ৷ তেনে সময়তে একাংশ গাঁওবাসীয়ে বেজৰ প্ৰবঞ্চনাৰ নাটক বুজিব পাৰি আৰক্ষীক খবৰ দিয়ে ৷ একাংশ লোকৰ অভিযোগ অনুসৰি তেওঁলোকে বেজ তথা পৰিয়ালটোৰ বিৰুদ্ধে মাত মাতিব যোৱাত একাংশ অন্ধবিশ্বাসী লোকে তেওঁলোকক প্ৰহাৰ কৰিবলৈও উদ্যত হৈছিল ৷ অৱশ্যে পৰৱৰ্তী সময়ত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ অন্ধবিশ্বাসী লোক সকলক ছত্ৰভংগ দিয়ে ৷
Last Updated : Jul 24, 2019, 11:42 AM IST