অসম

assam

শংকৰ সংঘৰ অধিবেশন, সাজু হৈছে শোভাযাত্ৰাৰ বাহন

By

Published : Feb 4, 2020, 11:37 AM IST

ৰাজহংসৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে শোভাযাত্ৰাৰ বাহন খন ৷ অহা ৭ ফেব্ৰুৱাৰী পুৱা ১০ বজাৰ সাংস্কৃতিক শোভাযাত্ৰাত ব্য়ৱহাৰ কৰা হ'ব এই বাহনখন ৷

শিল্পীৰ হাতৰ পৰশত প্ৰাণ পাই উঠিল ৰাজহংস জান
শিল্পীৰ হাতৰ পৰশত প্ৰাণ পাই উঠিল ৰাজহংস জান

গোলাঘাটঃ বুধবাৰৰ পৰা গোলাঘাট জিলাৰ বোকাখাটত অনুষ্ঠিত হ'ব 89 সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিবেশন ৷ উক্ত অধিবেশনত 7 ফেব্ৰুৱাৰীৰ দিনা পুৱা 10 বজাত উলিওৱা হ'ব ভাগৱত শোভাযাত্ৰা ৷ এই ভাগৱত শোভাযাত্ৰাৰ বাবে নিৰ্মাণ কৰিছে এখন বিশেষ বাহন ৷ ট্ৰাক এখনৰ ওপৰত ৰাজহাঁহৰ আকৃতিৰে তৈয়াৰ কৰা হৈছে হংসযান ৷ 2 লাখ টকা ব্যয় হৈছে হংসযান নিৰ্মাণত ৷ প্ৰায় সম্পূৰ্ণ হৈছে বাহন খনৰ নিৰ্মাণ কাৰ্য ৷

সাজু হৈছে শোভাযাত্ৰাৰ বাহন

উদ্যোগক্তা সকলৰ মতে বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ মূল আকৰ্ষণ হ'ব হংসযান ৷ প্ৰায় 16 কিলমিটাৰ অতিক্ৰম কৰিব শোভাযাত্ৰাই ৷

কাৰিকৰৰ হাতত প্ৰাণ পাই উঠিছে হংসযানে...

লগতে পঢ়কঃ বৰপেটাত সৰ্বশিক্ষা অভিযানৰ ফোঁপোলা স্বৰূপ

ABOUT THE AUTHOR

...view details