অসম

assam

By

Published : Nov 23, 2020, 5:17 PM IST

ETV Bharat / state

তৰুণ গগৈৰ স্বাস্থ্য সন্দৰ্ভত আবেগিক মন্তব্য হাগ্ৰামা মহিলাৰীৰ...

ক্ৰমাৎ অধিক শোচনীয় হৈ পৰিছে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্য ৷ ইতিমধ্যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত উপস্থিত হৈছে ৰাজ্যৰ প্ৰায় সংখ্যক ৰাজনীতিবিদ ৷ তৰুণ গগৈৰ স্বাস্থ্যৰ শেহতীয়া স্থিতি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰাক্তন বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ৷

hagrama mohilary on tarun gogoi kokrajhar assam etv bharat news
হাগ্ৰামা মহিলাৰী

কোকৰাঝাৰ, 23 নৱেম্বৰ :অধিক শোচনীয়ৰ দিশে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্য ৷ গগৈৰ স্বাস্থ্যৰ শেহতীয়া খবৰ লাভ কৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত উপস্থিত হৈছে ৰাজ্যৰ প্ৰায়বোৰ কংগ্ৰেছ কৰ্মীৰ উপৰিও শাসনাধিষ্ঠ দলৰ কেইবাগৰাকীও মন্ত্ৰী-বিধায়ক ৷ উল্লেখ্য যে, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সকলো কাৰ্যসূচী সামৰি ডিব্ৰুগড়ৰ পৰা উভতিছে গুৱাহাটীলৈ ৷

আবেগিক মন্তব্য হাগ্ৰামা মহিলাৰীৰ...

গুণমুগ্ধসকলে প্ৰিয় নেতাগৰাকীৰ আশু-আৰোগ্য কামনাৰে আয়োজন কৰিছে সৰ্বধৰ্মীয় প্ৰাৰ্থনাৰ ৷ অসমৰ অন্যতম শক্তিপীঠ কামাখ্যাতো আয়োজন কৰা হৈছে পূজা-অৰ্চনাৰ ৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল চৌহদত উপস্থিত হৈ আবেগিক হৈ পৰে কেইবাজনো ৰাজনীতিবিদ ৷ শেহতীয়াকৈ প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈৰ স্বাস্থ্যৰ স্থিতি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰাক্তন বিটিচি প্ৰমুখ হাগ্ৰামা মহিলাৰীয়ে ৷

লগতে চাওকঃতৰুণ গগৈৰ স্বাস্থ্যৰ বুজ ল’বলৈ জিএমচিএইছত উপস্থিত জাকিৰ হুছেইন শিকদাৰ

ABOUT THE AUTHOR

...view details