অসম

assam

ETV Bharat / state

গোলাঘাটত ধনশিৰি নদীৰ কালৰূপ - GOLAGHATA DHANSHIRI RIVER MASSIVE EROSION

ৰাজ্যত বানৰ তাণ্ডৱৰ মাজতে গৰা খহনীয়াই ধাৰণ ধৰিছে কাল ৰূপ। গোলাঘাটৰ কাটকটীয়াত ধনশিৰি নদীৰ গৰাখহনীয়াৰ ফলত নদীত জাহ গৈছে বিঘা বিঘাই কৃষিভূমিৰ লগতে ঘৰ-বাৰী। খহনীয়াৰ ফলত শংকিত অঞ্চলবাসী।

গোলাঘাটত ধনশিৰি নদীৰ কালৰূপ
গোলাঘাটত ধনশিৰি নদীৰ কালৰূপ

By

Published : Jul 2, 2020, 12:10 PM IST

Updated : Jul 2, 2020, 1:01 PM IST

গোলাঘাট, 2 জুলাইঃগোলাঘাট সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ কাটকটিয়া অঞ্চলত ধনশিৰি নদীৰ খহনীয়াই কালৰূপ ধাৰণ কৰিছে। ধনশিৰি নদীৰ সোঁতত চপৰা চপৰে খহিছে বিঘাই বিঘাই কৃষি ভূমি। খহনীয়াৰ ফলত মানুহৰ ঘৰ-বাৰী সকলো উটি গৈছে নদীৰ বুকুত। খহনীয়াৰ বাবে বাৰে বাৰে এঠাইৰ পৰা আন এঠাইলৈ স্থানান্তৰ কৰিব লগা হৈছে চেনেহৰ ঘৰখন।

গোলাঘাটত ধনশিৰি নদীৰ কালৰূপ

বিগত কেইবা বছৰ ধৰি খহনীয়াৰ ফলত বিঘা বিঘা ভূমি নদীত জাহ গৈছে যদিও চৰকাৰে লোৱা নাই কোনো ধৰণৰ পদক্ষেপ। সেয়েহে শীঘ্ৰে জলসম্পদ বিভাগৰ আঁচনিৰ অধীনত খহনীয়া ৰোধ কৰিবলৈ চৰকাৰক ব্যৱস্থা গ্ৰহণৰ আহ্বান অঞ্চলবাসীৰ।

ধনশিৰি নদীৰ খহনীয়াই কালৰূপ ধাৰণ কৰিছে

আনহাতে গোলাঘাটৰ বিজেপি নেতা জয়ন্ত কুমাৰ গোস্বামীয়ে অঞ্চলটো পৰিদৰ্শন কৰি কৃষকৰ সমস্যাৰ বুজ লৈ জল সম্পদ বিভাগৰ অধীনত ধনশিৰি নদীক লৈ চৰকাৰে লোৱা আঁচনিৰ ধন সোনকালে মুকলি কৰি বান্ধ নিৰ্মাণ কৰিবলৈ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক আহ্বান জনায়।

লগতে চাওকঃ মাথাউৰিত মুকলি আকাশৰ তলতে দিন পাৰ কৰিছে জোনাইৰ বানাক্ৰান্তই

Last Updated : Jul 2, 2020, 1:01 PM IST

ABOUT THE AUTHOR

...view details