গোলাঘাটত প্ৰাপ্য ধন বিচাৰি চাহ শ্ৰমিকৰ প্ৰতিবাদ
গোলাঘাটৰ ৰজাবাৰী চাহ বাগিচাত শ্ৰমিক আৰু চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতি ( স্বতন্ত্ৰ)ৰ উত্তাল প্ৰতিবাদ ৷
গোলাঘাট,13 জুন: পৰিচালন সঞ্চালকৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত শতাধিক উত্তাল শ্ৰমিকৰ ৷ দীর্ঘদিনে চাহ বাগিচা খনৰ শ্ৰমিক সকলক বাগিচা কৰ্তৃপক্ষই বঞ্চিত কৰি আহিছে ভৱিষ্যনিধি ধন লাভৰ পৰা ৷ বিগত 22 বছৰে বাগিচা খনৰ শ্ৰমিক সকলে লাভ কৰা নাই ভৱিষ্যনিধিৰ ধন ৷ ইফালে বাগিচাৰ কৰ্তৃপক্ষই বিভিন্ন অজুহাত দেখুৱাই প্ৰাপ্যৰ পৰা বঞ্চিত কৰি আহিছে শ্ৰমিক সকলক ৷ ইফালে শ্ৰমিক সকলৰ যি প্ৰধানমন্ত্ৰী জনধন যোজনাৰ প্ৰাপ্য ধন সেই ধন বেংক একাউণ্টত নোসোমাই বুলিও প্ৰতাৰণা কৰি আহিছে শ্ৰমিক সকলক ৷ শ্ৰমিক সকলে বহু আবেদন নিবেদন কৰিও আজি পৰ্যন্ত লাভ নকৰিলে ভৱিষ্যনিধিৰ ধন । ইয়াৰ ফলত আজি ক্ষুণ্ণ হৈ উঠে শ্ৰমিক সকল আৰু পুৱাৰে পৰা বাগিচাৰ কাম বন্ধ কৰি উত্তাল কৰি তোলে বাগিচাৰ পৰিৱেশ । প্ৰতিবাদস্থলীত শ্ৰমিক সকলৰ এই প্ৰাপ্য ধন প্ৰদান নকৰিলে ভয়াৱহ আন্দোলনৰ কাৰ্যসূচী হাতত ল'ব বুলিও হুংকাৰ প্ৰদান কৰে শ্ৰমিকসকলে ৷