গোলাঘাট, 23 এপ্ৰিলঃবিশ্ববৰেণ্য সাহিত্যিক তথা আধুনিক সাহিত্যৰ জনক উইলিয়াম শ্বেকছপীয়েৰৰ মৃত্যু তিথিৰ সৈতে সংগতি ৰাখি উদযাপন কৰা হয় 'বিশ্ব গ্ৰন্থ দিৱস’ ৷ গোলাঘাট শাখা সাহিত্য সভাৰ কাৰ্যালয়ৰ পণ্ডিত হেমচন্দ্ৰ গোস্বামী স্মৃতি ভৱনত উদযাপন কৰা হয় 'বিশ্ব গ্ৰন্থ দিৱস’ ৷
গোলাঘাট শাখা সাহিত্য সভাৰ উদ্যোগত 'বিশ্ব গ্ৰন্থ দিৱস’ উদযাপন - গোলাঘাট শাখা সাহিত্য সভা
বিশ্ববৰেণ্য সাহিত্যিক শ্বেকছপীয়েৰৰ মৃত্যু তিথিৰ লগত সংগতি ৰাখি আজিৰ দিনটো 'বিশ্ব গ্ৰন্থ দিৱস’ হিচাপে উদযাপন কৰি অহা হৈছে ৷
গোলাঘাট শাখা সাহিত্য সভাৰ সভানেত্ৰী অপৰাজিতা বৰুৱাৰ সভাপতিত্বত 'বিশ্ব গ্ৰন্থ দিৱস’ৰ কাৰ্যসূচী উদযাপন কৰা হয় ৷ অনুষ্ঠানৰ আৰম্ভনিতে শ্ৰী লংকা বোমা বিস্ফোৰণৰ নিহত সকলৰ আত্মাৰ সদগতি বাবে এক মিনিট মৌন প্ৰাৰ্থনা কৰা হয় ৷ সভাত বিশ্ব গ্ৰন্থ দিৱসৰ ওপৰত বক্তব্য ৰাখে খুমটাই জয়া গগৈ মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰিক ড. দীপা বৰুৱাই ।
উল্লেখ্য যে 23 এপ্ৰিলতে বিশ্ব সাহিত্যৰ অন্যতম জনক উইলিয়াম শ্বেকছপীয়েৰৰ মৃত্যু তিথি আৰু তাৰ আগতে স্পেইনত 23 এপ্ৰিলৰ দিনটো ৰ'জ ডে' হিচাপে পালন কৰা হৈছিল পিছলৈ এই দিনটো বিশ্ব গ্ৰন্থ দিৱস হিচাপে পালন কৰি অহা হৈছিল ।