গোলাঘাট,২ জুলাইঃ প্ৰশাসনে তলা লগালে গোলাঘাটৰ চাহ মজদুৰ সংঘৰ কাৰ্যালয়ত । অসম চাহ মজদুৰ সংঘ আৰু ভাৰতীয় চাহ মজদুৰ সংঘৰ মাজত চলি থকা সংঘাতৰ বাবেই গোলাঘাট জিলা প্ৰশাসনে এক নিৰ্দেশ যোগে তলা লগাই দিয়ে গোলাঘাটৰ চাহ মজদুৰ সংঘৰ কাৰ্যালয়ত ।
তলা ওলমিল গোলাঘাটৰ চাহ মজদুৰ সংঘৰ কাৰ্যালয়ত - গোলাঘাট চাহ মজদুৰ সংঘ
অসম চাহ মজদুৰ সংঘ আৰু ভাৰতীয় চাহ মজদুৰ সংঘৰ মাজত চলি থকা সংঘাতৰ বাবেই গোলাঘাট জিলা প্ৰশাসনে এক নিৰ্দেশনা যোগে তলা লগাই দিয়ে গোলাঘাটৰ চাহ মজদুৰ সংঘৰ কাৰ্যালয়ত ।
তলা ওলমিল গোলাঘাটৰ চাহ মজদুৰ সংঘৰ কাৰ্যালয়ত
পূৰ্বৰ অসম চাহ মজদুৰ সংঘ গোলাঘাট জিলা শাখাই দীৰ্ঘদিনৰ পৰা চলাই অহা কাৰ্যালয়টো ভাৰতীয় চাহ মজদুৰ সংঘই ব্যৱহাৰ কৰি থকাত দুই পক্ষই পৃথকে পৃথকে আৰক্ষী থানাত অভিযোগ দাখিল কৰিছিল । গোলাঘাট জিলা দণ্ডাধীশে এক নিৰ্দেশ যোগে মঙলবাৰে দুয়োপক্ষৰ প্ৰৱেশত বাধা প্ৰদান কৰি তলা লগাই দিয়ে কাৰ্যালয়টোত।