গোলাঘাট, 18 ছেপ্তেম্বৰ : অৱশেষত গোলাঘাট আৰক্ষীৰ জালত মাষ্টাৰমাইণ্ড ইৰফান কুৰেচি ওৰফে গুদু আলী । গোলাঘাট সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দীপক বৰাৰ নেতৃত্বত আৰক্ষীৰ এক গোপন অভিযানত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ধৃত লোকজনক ৷
গোলাঘাট আৰক্ষীৰ জালত ডকাইতি কাণ্ডৰ মাষ্টাৰমাইণ্ড ইৰফান কুৰেচি ওৰফে গুদু আলী উল্লেখ্য় যে, ধৃত ইৰফান কুৰেচি ওৰফে গুদু আলীৰ বিৰুদ্ধে পূৰ্বৰ পৰাই আছে বহুতো অভিযোগ ৷ জিলাখনত সংঘটিত হোৱা বিভিন্ন সৰু-বৰ চুৰিকাণ্ডৰ লগত জড়িত হৈ আছিল অভিযুক্ত গুদু আলী ৷ আনকি, ধৃত গুদু আলীয়ে পুৰণি বাহন আন লোকৰ পৰা ক্ৰয় কৰি নথিপত্ৰ সমূহ সলনি নকৰাকৈ অপৰাধজনিত কাৰ্যত ব্যবহাৰ কৰি অহাৰ অভিযোগ উত্থাপন হৈছে ৷
ইফালে, 2 ছেপ্টেম্বৰত ধৃত গুদু আলিয়ে অন্য তিনিজন সহযোগীৰ লগত এখন চাৰিচকীয়া বাহনৰে দেৰগাঁও নগৰৰ ধৰমশালাৰ সমীপৰ ব্যৱসায়ী শিৱদয়াল তছনিৱালৰ ঘৰৰ সন্মুখত নিশা প্ৰায় 1 বজাত ব্যৱসায়ীজনৰ ঘৰত লুটপাট চলাইছিল ৷ তিনিজনীয়া ডকাইতৰ দলটোৱে তছনিৱালৰ ঘৰত প্ৰৱেশ কৰি ধন, টকা -পইছা লুট কৰাৰ লগতে তছনিৱালক চোকা অস্ত্ৰৰে তিনিটা আঙুলি কাটি দিয়াৰ লগতে মূৰত ঘপিয়াই গুৰুতৰভাবে আহত কৰাৰো অভিযোগ উত্থাপন হৈছিল ।
গোলাঘাট আৰক্ষীৰ জালত ডকাইতি কাণ্ডৰ মাষ্টাৰমাইণ্ড ইৰফান কুৰেচি ওৰফে গুদু আলী পৰৱৰ্তী সময়ত গোলাঘাট আৰক্ষীয়ে গুদু আলী আৰু তাৰ সহযোগী কেইটাৰ সন্ধানত অভিযান চলাই আছিল যদিও অত্যন্ত চতুৰ গুদুৱে আৰক্ষীৰ চকুত ধূলি দি বিভিন্ন চুৰি কাণ্ডত লিপ্ত হৈ থাকিবলৈ সক্ষম হৈছিল । ধৃত গুদু আলীয়ে বেলেগ বেলেগ চোৰ-ডকাইতৰ লগত সংযোগ ৰাখি গৰু-ছাগলী চুৰিৰ পৰা আৰম্ভ কৰি ডকাইতিলৈকে সকলো কাণ্ডতে মূল মাষ্টাৰমাইণ্ড হিচাপে কাম কৰি আহিছিল বুলি নিজ মুখে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে ।
লগতে পঢ়ক :ৰূপহীহাটৰ জুৰীয়াত বজ্ৰপাতত এজন যুৱকৰ মৃত্যু