অসম

assam

ETV Bharat / state

মহিলাৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি গোলাঘাটত চাঞ্চল্য

গোলাঘাট বামবৰাহী গাঁৱৰ মহিলা গৰাকীক আধাৰ কাৰ্ড বনোৱাৰ নামত স্থানীয় অঞ্জন শইকীয়াৰ নামৰ লোকজনে ঘৰৰ পৰা লৈ আহিছিল গোলাঘাট পঞ্চায়ত কাৰ্যালয়লৈ ৷ পলাতক হৈ থকা অঞ্জন শইকীয়াই মহিলা গৰাকীক পৰিকল্পিত ভাৱে হত্যা কৰাৰ অভিযোগ পৰিয়ালৰ।

golaghat lady death tense situation
গোলাঘাটত এগৰাকী মহিলাৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি

By

Published : Sep 23, 2020, 10:18 PM IST

গোলাঘাট,23 ছেপ্তেম্বৰঃ গোলাঘাটত এগৰাকী মহিলাৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি। মনোমতি দাস নামৰ মহিলা গৰাকীক এজন ব্যক্তিয়ে পৰিকল্পিতভাৱে হত্যা কৰাৰ অভিযোগ। গোলাঘাট বামবৰাহী গাঁৱৰ মহিলা গৰাকীক আধাৰ কাৰ্ড বনোৱাৰ নামত স্থানীয় অঞ্জন শইকীয়াৰ নামৰ লোকজনে ঘৰৰ পৰা লৈ আহিছিল গোলাঘাট পঞ্চায়ত কাৰ্যালয়লৈ। বিয়লি অঞ্জন শইকীয়াই মনোমতি দাসৰ পৰিয়ালক জনাইছিল মনোমতি দাসক অসুস্থ অৱস্থাত গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা বুলি ।

গোলাঘাটত এগৰাকী মহিলাৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি

ইপিনে চিকিৎসাধীন অৱস্থাত থকা বুলি জনোৱা মহিলা গৰাকীৰ মৃতদেহ সন্ধিয়া প্ৰায় ৬ বজাত এম্বুলেন্সৰ জৰিয়তে ঘৰলৈ প্ৰেৰণ কৰে। কিন্তু তেতিয়াৰ পৰাই ৰহস্যজনক ভাৱে অন্তৰ্ধান হয় অঞ্জন শইকীয়া । পলাতক হৈ থকা অঞ্জন শইকীয়াই মহিলা গৰাকীক পৰিকল্পিতভাৱে হত্যা কৰাৰ অভিযোগ পৰিয়ালৰ। পৰিয়ালৰ লোকে আৰু স্থানীয় ৰাইজৰ অভিযোগ অঞ্জন শইকীয়াই ধৰ্ষণ অথবা কোনো দুষ্কাৰ্য কৰি মনোমতি দাসক হত্যা কৰিছে । পুৰ্বেও ধৰ্ষণ আদিৰ দুষ্কাৰ্যত জৰিত থকাৰ অভিযোগ তুলিছে অঞ্জন শইকীয়াৰ বিৰুদ্ধে। আৰক্ষী থানাত অভিযোগ দাখিল কৰি উপযুক্ত তদন্তৰ দাবী জনোৱাৰ লগতে এই পৰ্যন্ত সৎকাৰ কৰা নাই মৃতদেহ। ঘটনাটোৱে গোলাঘাটত চাঞ্চল্যৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে



লগতে পঢ়কঃসংঘাতত দুই জাতীয়তাবাদী শিবিৰ

ABOUT THE AUTHOR

...view details