গোলাঘাট,28জুলাইঃ যি সময়ত দেশত শাসনাধিষ্ঠিত চৰকাৰখনে 24 ঘন্টাই বিদ্যুৎ যোগান নিয়মীয়া হোৱাৰ কথা কয়, তেনে সময়ত গোলাঘাটত 24 ঘন্টাৰ 10 ঘন্টাই নাথাকে বিদ্যুৎ । শনিবাৰে গোলাঘাটত নিশালৈকে বিদ্যুৎ ব্যাহত হোৱাৰ পাছত নিশা বহু পলমকৈ নিয়মীয়া হয় বিদ্যুৎ । অত্যাধিক গৰম অথবা বৰষুণ দিলেই ঘন্টা ঘন্টা ধৰি নাথাকে বিদ্যুৎ । তেতেলিতল বিদ্যুৎ বিতৰণ উপকেন্দ্ৰত সঘনাই ঘটা বিজুতিৰ বাবে দুৰ্ভোগ ভুগিবলগীয়া হৈছৈ গোলাঘাটবাসীয়ে ।
গোলাঘাটত 24 ঘন্টাৰ 10 ঘন্টাই নাথাকে বিদ্যুৎ; কাণসাৰ নাই শক্তি বিভাগৰ - assam
গোলাঘাটত বিদ্যুতৰ সঘনাই লোড শ্বেডিং । গোলাঘাট বিদ্যুৎ বিভাগৰ তেতেলিতল স্থিত মুখ্য বিদ্যুৎ বিতৰণ উপকেন্দ্ৰত পূৰ্বতে লগোৱা নিম্ন মানৰ বিদ্যুৎ সামগ্ৰীৰ বাবেই এতিয়া সঘনাই জীয়াতু ভুগিব লগা হৈছে গোলাঘাটবাসীয়ে ।
গোলাঘাটত 24 ঘন্টাৰ 10 ঘন্টাই নাথাকে বিদ্যুৎ; কাণসাৰ নাই শক্তি বিভাগৰ
ইপিনে গোলাঘাট বিদ্যুৎ উপ সংমণ্ডল 1 ৰ অধীনৰ তেতেলিতল বিদ্যুৎ বিতৰণ উপকেন্দ্ৰত 11 কে ভি আভ্যন্তৰীণ পেনেল স্থাপন কৰাৰ বাবে পুনৰ 29 জুলাইৰ পৰা 1 আগষ্টলৈ বিদ্যুৎ ব্যাহত হ'ব গোলাঘাটত । উক্ত চাৰিদিন দিনৰ 10 বজাৰ পৰা 3 বজালৈ বিদ্যুতৰ পৰা বঞ্চিত হব গোলাঘাট টাউন, ফৰকাটিং আৰু জামুগুৰি এলেকা । এই কথা সদৰী কৰে গোলাঘাট বিদ্যুৎ বিভাগৰ মহকুমা সদৰ অভিযন্তাই ।
Last Updated : Jul 28, 2019, 2:51 PM IST