অসম

assam

ETV Bharat / state

কেব বিৰোধী আন্দোলনে মূৰৰ কামোৰণি বৃদ্ধি কৰিছে গোলাঘাট প্ৰশাসনৰ - জৰুৰী সভা

কেব বিৰোধী প্ৰতিবাদৰ প্ৰতি লক্ষ ৰাখি গোলাঘাটৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকে সকলো দল সংগঠন, বিশিষ্ট ব্যক্তি আৰু সাংবাদিকক লৈ এক জৰুৰী সভাৰ আহ‌্বান কৰে ৷ সভাত গোলাঘাট প্ৰশাসনে সকলোকে গণতান্ত্ৰিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আহ্বান জনায় ৷

সভাত গোলাঘাট প্ৰশাসনে সকলোকে গণতান্ত্ৰিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আহ্বান জনায়
কেব সম্পৰ্কে গোলাঘাট প্ৰশাসনৰ জৰুৰী সভা আহ্বান

By

Published : Dec 7, 2019, 11:59 PM IST

গোলাঘাট, 7 ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদৰ সমান্তৰালকৈ মূৰৰ কামোৰণি বৃদ্ধি হৈছে চৰকাৰ তথা প্ৰশাসনৰ ৷ গোলাঘাটত শনিবাৰে পুৱাৰে পৰা বিভিন্ন সংগঠন তথা ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিবাদ তীব্ৰতৰ কৰি তোলা পৰিলক্ষিত হৈছে । একাংশ প্ৰতিবাদী ছাত্ৰ আৰক্ষীৰ লগত হতাহতিতো লিপ্ত হয় ৷ এই সকলোবোৰৰ প্ৰতি লক্ষ্য ৰাখি গোলাঘাটৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকে সকলো সংগঠন, বিশিষ্ট ব্যক্তি আৰু সাংবাদিকক লৈ এক জৰুৰী সভাৰ আহ‌্বান কৰে ।

সভাত উপায়ুক্ত ধীৰেন হাজৰিকাই জনাই যে, অসম চৰকাৰে শান্তিপূৰ্ণভাৱে কৰা প্ৰতিবাদক কোনো ধৰণৰ বাধা নিদিবলৈ প্ৰশাসনক নিৰ্দেশ দিছে । সেয়ে গোলাঘাট প্ৰশাসনে সকলোকে গণতান্ত্ৰিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আহ্বান জনায় । তদুপৰি ৰাইজক আইন হাতত তুলি নলবলৈ অনুৰোধ জনায় । সভাত উপস্থিত থকা সংগঠন সমূহৰ বহুকেইজন নেতাই আন্দোলন সম্পৰ্কে বিভিন্ন ধৰণৰ মত প্ৰকাশ কৰে । বিশেষকৈ প্ৰশাসনক ছ’চিয়েল মিডিয়াত আন্দোলনক লৈ কৰা বিৰূপ মন্তব্যৰ প্ৰতি সজাগ থাকিবলৈ অনুৰোধ জনায় সংগঠনৰ বিষয়ববীয়াসকলে । প্ৰত্যুত্তৰত গোলাঘাটৰ আৰক্ষী অধীক্ষক পুষ্পৰাজ সিঙেও ছ’চিয়েল মিডিয়াত নজৰ ৰখা বুলি উল্লেখ কৰে ৷ তথা সকলোকে‌ শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰিবলৈ আহ্বান জনায় ।

কেব সম্পৰ্কে গোলাঘাট প্ৰশাসনৰ জৰুৰী সভা আহ্বান

লগতে চাওকঃকেবৰ বিৰুদ্ধে আন্দোলন কৰা সকল বাংলাদেশী : বিধায়ক শিলাদিত্য

ABOUT THE AUTHOR

...view details