অসম

assam

ETV Bharat / state

নিৰ্বাচনক লৈ গোলাঘাট বিজেপিৰ সংবাদমেল

নিৰ্বাচনী প্ৰচাৰ শেষ হোৱাৰ আগমূহুৰ্তত মঙলবাৰে গোলাঘাট বিজেপিৰ সংবাদমেল ৷ গোলাঘাটৰ 108 খন চাহ বাগিচাৰ সকলো ভোটাৰেই এইবাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী মণিমাধৱ মহন্তক ভোট দান কৰিব বুলি সংবাদমেলত মন্তব্য গোলাঘাট বিজেপিৰ সভাপতিগৰাকীৰ ৷

By

Published : Apr 9, 2019, 9:55 PM IST

গোলাঘাট বিজেপিৰ সংবাদমেল

গোলাঘাট,9এপ্ৰিলঃ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ অন্ত হোৱাৰ প্ৰাকক্ষণত গোলাঘাট বিজেপিৰ সংবাদমেল । মঙলবাৰে আয়োজন কৰা এই সংবাদমেলত জিলা সভাপতি, সম্পাদক আৰু বহু কেইজন বিজেপিৰ শীৰ্ষ নেতা উপস্থিত থাকে । সংবাদমেলত জিলা সভাপতিগৰাকীয়ে মন্তব্য কৰে যে অগপ আৰু বিজেপিৰ পুনৰ মিত্ৰতাক লৈ প্ৰথমে বিজেপিৰ ভিতৰচৰাত আশংকাই দেখা দিছিল যদিও প্ৰচাৰৰ অন্তত বিজেপিৰ কৰ্মী সকলে মিত্ৰজোঁটৰ প্ৰাৰ্থী দিয়া সকলো কেইটা সমষ্টিতে মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে জয়ী হ'ব বুলি নিশ্চিত হৈছে । গোলাঘাটত থকা 108 খন চাহবাগিচাৰ সকলো ভোটাৰেই এইবাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী মণিমাধৱ মহন্তক ভোট দান কৰিব বুলিও সংবাদমেলত মন্তব্য কৰে জিলা সভাপতিগৰাকীয়ে। লগতে গোলাঘাটৰ ৫ টা বিধানসভা সমষ্টিত দুই লাখৰো অধিক ভোটত মিত্ৰজোঁটৰ প্ৰাৰ্থী মণিমাধৱ মহন্ত জয়ী হ'ব বুলি আশাবাদী গোলাঘাট বিজেপি ।

গোলাঘাট বিজেপিৰ সংবাদমেল

ABOUT THE AUTHOR

...view details