ETV Bharat Assam

অসম

assam

ETV Bharat / state

গোলাঘাটত ইউৰিয়া কৃত্ৰিম নাটনিয়ে দুৰ্ভোগ ভোগাইছে কৃষিজীৱি ৰাইজক - agriculture

খেতিৰ ভৰপক সময়ত সাৰ ক্ৰয় কৰিবলৈ চিন্তিত কৃষক সমাজ ৷ ইউৰিয়াৰ কৃত্ৰিম নাটনি দেখুৱাই প্ৰায় দুগুণ দৰত বিক্ৰী হৈছে সাৰ। যাৰ বাবে অসহায় হৈ পৰিছে কৃষিজীৱি ৰাইজ ৷

গোলাঘাট
গোলাঘাট ইউৰীয়া কৃত্ৰিম নাটনিয়ে দুৰ্ভোগ ভোগাইছে কৃষিজীৱি ৰাইজক
author img

By

Published : Aug 8, 2020, 12:31 PM IST

Updated : Aug 8, 2020, 1:18 PM IST

গোলাঘাট, 8 আগষ্টঃএফালে মহামাৰীৰ ত্ৰাস,আনফালে ধুৰন্ধৰ পুঁজিপতিৰ শোষণ। খেতিৰ ভৰপকৰ সময়ত এমুঠি সাৰ কিনিবলৈ চিন্তিত কৃষক সমাজ । ইউৰিয়াৰ কৃত্ৰিম নাটনি দেখুৱাই প্ৰায় দুগুণ দৰত বিক্ৰী কৰা হৈছে সাৰ । যাৰ বাবে অসহায় হৈ পৰিছে কৃষিজীৱি ৰাইজ । শালি খেতি আৰু চাহ বাগিচাত এমুঠি সাৰ দিবলৈ ব্যৰ্থ হৈছে কৃষকসকল। পুঁজিপতিৰ হাতত গোটেই ব্যৱস্থা থকাৰ বাবেই এই ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে বুলি মত প্ৰকাশ কৃষক ৰাইজৰ।

গোলাঘাটত ইউৰিয়া কৃত্ৰিম নাটনিয়ে দুৰ্ভোগ ভোগাইছে কৃষিজীৱি ৰাইজক

আনহাতে,এইক্ষেত্ৰত ৰাজ্যৰ বিয়াগোম কৃষি বিভাগে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি অভিযোগ উত্থাপন কৃষকৰ। গোলাঘাট জিলা প্ৰশাসনে সাৰ ক্ৰয় কৰিবলৈ তিনিশ টকা দৰ নিৰ্ধাৰণ কৰি দিছিল যদিও সেয়া ব্যৱসায়ীসকলে পালন কৰা নাই বুলি অভিযোগ উত্থাপন কৰে।

গোলাঘাটত ইউৰিয়া কৃত্ৰিম নাটনিয়ে দুৰ্ভোগ ভোগাইছে কৃষিজীৱি ৰাইজক

লগতে পঢ়কঃ হোজাইত উদ্ধাৰ অচিনাক্ত যুৱকৰ মৃতদেহ

Last Updated : Aug 8, 2020, 1:18 PM IST

ABOUT THE AUTHOR

...view details