অসম

assam

ETV Bharat / state

গোলাঘাটত প্ৰথম পৰ্যায়ৰ টীকাকৰণ - জিলা আইন সেৱা

গোলাঘাট নগৰৰ ৪৫-৫৯ বয়সৰ লোকসকলক প্ৰদান কৰা হ'ব প্ৰথম পৰ্যায়ৰ কোভিড-১৯ প্ৰতিৰোধী টীকা ৷ গোলাঘাটৰ চৰকাৰী বা ব্যক্তিগত বিত্তীয় প্ৰতিষ্ঠানত কৰ্তব্যৰত ব্যক্তিয়ে লাভ কৰিব এই সেৱা ৷

গোলাঘাটত প্ৰথম পৰ্যায়ৰ কোভিড-১৯ প্ৰতিৰোধী টিকাকৰণ
গোলাঘাটত প্ৰথম পৰ্যায়ৰ কোভিড-১৯ প্ৰতিৰোধী টিকাকৰণ

By

Published : Apr 13, 2021, 9:37 PM IST

গোলাঘাট,13 এপ্ৰিল: গোলাঘাট জিলাৰ স্বাস্থ্য বিভাগ, ক’ভিড-১৯ আৰ্বান ভেকছিনেচন টাস্ক ফ’ৰ্চ আৰু জিলা আইন সেৱা প্ৰাধিকৰণে প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে । গোলাঘাটৰ ৪৫ বয়সৰ ঊৰ্ধৰ বাসিন্দাসকলক প্ৰথম পৰ্যায়ৰ ক’ভিড-১৯ প্ৰতিৰোধী টীকাকৰণৰ সুবিধা আগবঢ়োৱা হৈছে ।

গোলাঘাটত প্ৰথম পৰ্যায়ৰ টীকাকৰণ

নগৰখনৰ চৰকাৰী বা ব্যক্তিগত বিত্তীয় প্ৰতিষ্ঠানত কৰ্তব্যৰত ৪৫ বয়সৰ ঊৰ্ধৰ কৰ্মীৰ লগতে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত জড়িত ব্যক্তিয়ে এই সুবিধা লাভ কৰিব ৷ মঙলবাৰে গোলাঘাট জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব নাৰায়ণ কুৰি আৰু খণ্ড যুটীয়া স্থাস্থ্য সঞ্চালকালয়ৰ অধীনৰ ক’ভিড ভেকচিনৰ আৰ্বান টাস্ক ফ’ৰ্চৰ ভাৰপ্ৰাপ্ত বিষয়া ডাঃ সুনিতা এক্কাই এই কথা জানিবলৈ দিয়ে ।

লগতে পঢ়ক:আমগুৰিৰ বিহু বজাৰত ব্যাপক ভিৰ

ABOUT THE AUTHOR

...view details