সৰুপথাৰ,9 জুলাইঃ প্ৰাকৃতিক সম্পদেৰে ভৰপূৰ ধনশিৰি মহকুমাৰ বিভিন্ন ঠাইত এতিয়া প্ৰাকৃতিক গেছ নিৰ্গত হ'ব ধৰিছে ৷ ধনশিৰি মহকুমাৰ বৰপথাৰ নগৰত মাত্ৰ ৫০ ফুট গভীৰতাত স্থাপন কৰা টিউওৱেল উঠাই দিয়াৰ পাচত সেই স্থানৰ পৰা গেছ নিৰ্গত হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷
বৰপথাৰত দ গাঁতৰ পৰা নিৰ্গত হৈছে প্ৰাকৃতিক গেছ!
বৰপথাৰ নগৰৰ মাজমজিয়াৰ হাইস্কুল তিনি আলি সমীপৰ প্ৰবীন বৰাৰ ঘৰৰ পাচফালে এটি পুৰণা টিউওৱেলৰ পৰা দুৰ্গন্ধময় পানী ওলোৱাত সেই টিউৱেলটো উঠাই দিয়া হয় আৰু সেই স্থানত বিগত এমাহৰ পৰা বুৰবুৰণি উঠি আছিল ৷
বৰপথাৰ নগৰৰ মাজমজিয়াৰ হাইস্কুল তিনি আলি সমীপৰ প্ৰবীন বৰাৰ ঘৰৰ পাচফালে এটি পুৰণা টিউওৱেলৰ পৰা দুৰ্গন্ধময় পানী ওলোৱাত সেই টিউৱেলটো উঠাই দিয়া হয় আৰু সেই স্থানত বিগত এমাহৰ পৰা বুৰবুৰণি উঠি আছিল ৷ পৰিয়ালৰ লোকৰ সন্দেহ হোৱাত বুৰবুৰনি উলাই থকা স্থানত জুইশলা কাঠি মাৰি চোৱাত হঠাৎ সেই স্থানত জুই জ্বলি উঠে ৷ টিউৱেলটোৰ পৰা গেছ নিৰ্গত হৈ আছে সেই কথা অৱগত হোৱাত পৰিয়ালটোৰ সদস্যসকলৰ মাজত ভয়ৰ সৃষ্টি হয় ৷সেয়ে তেওঁলোকে অ এন জিচিৰ বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ নিশ্চিত কৰিবলৈ আহ্বান জনায় ৷ ইপিনে ঘন জনবসতিৰ অঞ্চলটোত যদি ভৱিষ্যতে বেচিকৈ গেছ নিৰ্গত হয় তেতিয়াহ'লে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ শংকাত ভুগিছে পৰিয়ালটোৰ সদস্য সকল ৷