অসম

assam

ETV Bharat / state

আৰক্ষী চিআৰপিএফৰ অভিযানত অস্ত্ৰসহ আটক যুৱকৰ দল

গোলাঘাট জিলা আৰক্ষীয়ে অস্ত্ৰসহ গ্ৰেপ্তাৰ কৰিছে চাৰিজন যুৱকক৷ আটকাধীন যুৱককেইজন ক্ৰমে, নাগালেণ্ডৰ অৰেন পাটন , ৱাই লুথাৰ আৰু অসমৰ বিশ্বজিৎ বৰা আৰু বিশ্বজিৎ শইকীয়া

অস্ত্ৰসহ আটক যুৱকৰ দল

By

Published : Jul 24, 2019, 7:07 PM IST

গোলাঘাট, 24 জুলাইঃ গোলাঘাটৰ উপ-আৰক্ষী অধীক্ষক পাৰ্থপ্ৰতীম শইকীয়াৰ নেতৃত্বত অসম আৰক্ষী আৰু চিআৰপিএফ বাহিনীৰ যুটীয়া অভিযানত অস্ত্ৰসহ গ্ৰেপ্তাৰ হয় চাৰিজনকৈ যুৱক ৷ গোপন সূত্ৰৰ ভিত্তিত অভিযানকাৰী দলটোৱে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় যুৱকৰ দলটো ৷ আটকাধীন যুৱককেইজন ক্ৰমে, নাগালেণ্ডৰ অৰেন পাটন , ৱাই লুথাৰ আৰু অসমৰ বিশ্বজিৎ বৰা আৰু বিশ্বজিৎ শইকীয়া বুলি জনাইছে আৰক্ষীয়ে ৷ যুৱককেইজনৰ পৰা এটা নাইন এমএম পিষ্টল আৰু এটা হস্তনিৰ্মিত বন্দুক জব্দ কৰিছে আৰক্ষীয়ে ৷

আৰক্ষী চিআৰপিএফৰ অভিযানত অস্ত্ৰসহ আটক যুৱকৰ দল

ABOUT THE AUTHOR

...view details