গোলাঘাট, 5 এপ্ৰিলঃঅসমৰ ভিতৰতে সৰ্বাধিক Covid-19ত আক্ৰান্ত লোকৰ সংখ্যা পাইছে গোলাঘাট জিলাত । এই আক্ৰান্ত লোকসকলৰ সকলোৱেই অংশগ্ৰহণ কৰিছিল দিল্লীৰ নিজামউদ্দিনত অনুষ্ঠিত ধৰ্মীয়নুষ্ঠানত । যাৰ বাবে গোলাঘাট জিলা প্ৰশাসনে সমগ্ৰ জিলাতে গঢ়ি তুলিছে কটকটীয়া সুৰক্ষা ব্যৱস্থা । গোলাঘাটৰ উপায়ুক্তই দিয়া তথ্য অনুসৰি বৰ্তমান কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ কোৱাৰাণ্টাইনত ৰখা হৈছে 50 জন লোক । ইয়াৰে 43 জন লোকৰ কৰ'ণা নিগেটিভ পোৱা গৈছে । দেওবাৰে পুনৰ 7 গৰাকী লোকৰ তেজৰ নমুনা পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয় । এইসকল লোকৰ লগত সম্পৰ্ক থকা সকলৰ পাঁচখন গাঁৱৰ সীমা ইতিমধ্যে বন্ধ কৰি দিয়া হৈছে |
গোলাঘাটৰ 43 গৰাকী জামাতীৰ দেহত নাই কৰ'ণাৰ অৱস্থিতি - Covid-19
Covid-19ত আক্ৰান্ত লোক চিনাক্ত হোৱাৰ পিচতে গোলাঘাট জিলা প্ৰশাসনে সমগ্ৰ জিলাতে গঢ়ি তুলিছে কটকটীয়া সুৰক্ষা ব্যৱস্থা । বৰ্তমান কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ কোৱাৰাণ্টাইনত ৰখা হৈছে 50 গৰাকী লোকক ।
forty three zamaties of golaghat tested negative