গোলাঘাট, 13 এপ্ৰিল : বৰ্ষীয়ান ৰাজনৈতিক নেতা বিনোদ গোৱালাৰ দেহাৱসান (Former minister Binod Gowala passed away) ৷ বিগত প্ৰায় ৪ মাহ ধৰি জটিল ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল বিনোদ গোৱালা ৷ উন্নত চিকিৎসাৰ বাবে গোলাঘাটৰ পৰা আনি তেওঁক ভৰ্তি কৰোৱা হৈছিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ৷ কিন্তু বুধবাৰে দুপৰীয়া ১২.৪০ বজাত চিকিৎসাধীন অৱস্থাতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত শেষ নিশ্বাস ত্যাগ কৰে ৰাজনৈতিক নেতাগৰাকীয়ে (Binod Gowala death news)৷
সৰুপথাৰৰ প্ৰাক্তন বিধায়ক বিনোদ গোৱালা বিগত কেইবাদিন ধৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছিল (Binod Gowala admitted in GMCH) ৷ প্ৰায় ৪ মাহ ধৰি জটিল ৰোগত আক্ৰান্ত হৈ গোলাঘাটত চিকিৎসাধীন অৱস্থাত থকা জ্যেষ্ঠ অগপ নেতাগৰাকীক উন্নত চিকিৎসাৰ বাবে পৰিয়ালে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ লৈ আনে ৷
উল্লেখ্য যে, চাৰিবাৰকৈ সৰুপথাৰ সমষ্টিক প্ৰতিনিধিত্ব কৰা বিনোদ গোৱালা অগপ চৰকাৰৰ শেষৰটো কাৰ্যকালত সীমান্ত উন্নয়ন মন্ত্ৰীও আছিল (AGP government in Assam)। সৰুপথাৰ সমষ্টিৰ পৰা 1985 চনত নিৰ্দলীয় হিচাপে প্ৰথম বাৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত হয় বিনোদ গোৱালা (Sarupathar MLA Binod Gowala)৷ 1991 চনত পুনৰ অগপৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰি জয়লাভ কৰে গোৱালাই ৷ তাৰ পাচত পুনৰ 1996 আৰু 2006 চনত বিনোদ গোৱালা বিধানসভালৈ নিৰ্বাচিত হয় ৷